ETV Bharat / bharat

হায়দৰাবাদত আৰোগ্য় এগৰাকী 59 বছৰীয়া "ক'ভিড-ছুৱাইন ফ্লু" আক্ৰান্ত ৰোগী

হায়দৰাবাদৰ এখন চিকিৎসালয়ত চমৎকাৰ । বহু কেইটা জটিল ৰোগত আক্ৰান্ত হৈও কৰ'ণা ভাইৰাছৰ পৰা ৰোগমুক্ত হ'ল এগৰাকী 59 বছৰীয়া ৰোগী । ৰোগীজনৰ কৰ'ণা ভাইৰাছৰ লগতে দেহত ধৰা পৰিছিল ছুৱাইন ফ্লুৰ অৱস্থিতি ।

author img

By

Published : Jun 23, 2020, 1:22 PM IST

Updated : Jun 28, 2022, 10:59 AM IST

59 yr old with COVID 19
59-yr-old with COVID-19, swine flu recovers at Hyderabad hospital

হায়দৰাবাদ, 23 জুনঃ "ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে" । এতিয়া যেন এই কথাই আখৰে আখৰে বাস্তৱত পৰিণত হৈছে হায়দৰাবাদত । COVID-১৯ আৰু H1N1 ত আক্ৰান্ত হৈও সম্পূৰ্ণ সুস্থ হৈ উঠিছে এগৰাকী 59 বছৰীয়া ৰোগী । এটা বিৰল ঘটনা আখ্য়া স্বয়ং চিকিৎসকৰ ।

অকল সেইয়াই নহয় লোকজন আছিল বৃক্ক কৰ্মহীনতা আৰু কৰ'ণাৰী ধমনী ৰোগৰ দৰে উচ্চ-সংকটপূৰ্ণ সহ-অসুস্থতা অৱস্থাত । আনহাতে লোকজনৰ আছিল মধুমেহ, উচ্চ ৰক্তচাপ, কৰ'ণাৰী ধমনী আদিৰ দৰে বহু কেইটা জটিল ৰোগত আক্ৰান্ত । ইয়াৰ লগতে শেহতীয়াকৈ তেওঁৰ দেহত পোৱা গৈছিল COVID-১৯ আৰু H1N1 ভাইৰাছৰ উপস্থিতি । কিন্তু এনে জটিল পৰিস্থিতিৰ পৰাও অৱশেষত আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে লোকজনে ।

ৰোগীগৰাকীক কণ্টিনেন্টেল হাস্পতাললৈ অনাৰ পূৰ্বে 10 দিন ধৰি ঠাণ্ডা লগাৰ বাবে জ্বৰত আক্ৰান্ত হৈছিল । যাৰ বাবে এণ্টিবায়টিক ঔষধৰ লগতে অন্যান্য হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছিল । পিচত তেওঁক কণ্টিনেন্টেল হাস্পতালত COVID-১৯ আৰু H1N1 ৰ পৰীক্ষা কৰা হয় । অৱশ্য়ে প্ৰথম অৱস্থাত H1N1 পৰীক্ষণ পজিটিভ পোৱা গৈছিল যদিও COVID-১৯ ৰ ফলাফল নিগেটিভ লাভ কৰা হৈছিল । কিন্তু পুনৰ দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰাত দ্বিতীয়বাৰত তেওঁৰ পৰীক্ষণত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ উপৰি লোকজনৰ বৃক্ক আদিকে ধৰি বহু কেইটা অংগ ক্ষতিগ্ৰস্থ হৈছিল বুলিও চিকিৎসকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, হাস্পতালত দীৰ্ঘদিনায় চিকিৎসাৰ পাচত ভৰ্তি কৰোৱাৰ 43 দিনৰ অন্তত লোকজনৰ H1N1 আৰু COVID-১৯ ৰ পৰীক্ষণৰ ফলাফল নিগেটিভ পোৱা যায় । বৰ্তমানে তেওঁক হাস্পতালৰ পৰা মুকলি কৰা হৈছে । অৱশ্যে ভৱিষ্য়তে যাতে পুনৰ সংক্ৰমণ নঘটে তাক নিশ্চিত কৰিবলৈ ৰোগীজনক দূৰৰ পৰাই পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ডাক্টৰ পালেপু গোপালে ।

আনহাতে এই সন্দৰ্ভত কণ্টিনেণ্টেল হাস্পতালৰ ACEO ৰাহুল মেডেকাৰে কয়, এইয়া এক অদ্ভুত ঘটনা আৰু এইটো দলীয় সহযোগিতাৰ দ্বাৰাহে সম্ভৱ হৈ উঠিছে ।

Last Updated : Jun 28, 2022, 10:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.