ETV Bharat / bharat

৫৭৭ জন শিক্ষকৰ মৃত্যু: নিৰ্বাচনী আয়োগৰ কাষ চাপিল ইউনিয়ন - পৰিস্থিতি অতি সংকটজনক

উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘই শিক্ষকৰ মৃত্যু সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে যে, পঞ্চায়ত নিৰ্বাচনত কৰ্তব্যৰত হৈ থকাৰ সময়তে ৫৭৭ জন শিক্ষকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । ২ মে'ত ভোট গণনাত অংশ নল'বলৈ শিক্ষকসকলক আহ্বান জনাইছে ইউনিয়নে ।

উত্তৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা সময়তে ৫৭৭ জন শিক্ষকৰ মৃত্যু

author img

By

Published : Apr 29, 2021, 2:24 PM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: উত্তৰ প্ৰদেশত ৫৭৭ গৰাকী শিক্ষকৰ মৃত্যু হোৱাৰ পিছতে সৰৱ হৈ পৰিছে উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘ । শেহতীয়াকৈ উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘই মৃত শিক্ষকৰ নাম সন্নিৱিষ্ট এখন তালিকা ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিছে । উত্তৰ প্ৰদেশ শিক্ষা মহাসংঘৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এই তালিকাত শিক্ষকসকলৰ নামৰ লগতে শিক্ষামিত্ৰৰ নাম সন্নিৱিষ্ট কৰা হৈছে ।

লগতে ২ মে'ত ভোট গণনাত অংশ গ্ৰহণ কৰাৰ পৰাও বিৰত থাকিবলৈ ৰাজ্যৰ শিক্ষকসকলক আহ্বান জনাইছে উত্তৰ প্ৰদেশ শিক্ষক মহাসংঘই । মঙলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে ক'ভিড-১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাৱধানতামূলক ব্যৱস্থা আৰু শিক্ষকৰ মৃত্যুৰ অভিযোগ সন্দৰ্ভত ব্যাখ্যা বিচাৰি ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ এখন জাননী জাৰি কৰিছিল ।

আনহাতে, শিক্ষকৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ৩ মে'ত অৰ্থাৎ ভোট গণনাৰ এদিন পিছত আদালতে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব । উত্তৰ প্ৰদেশ শিক্ষা মহাসংঘৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই কয় যে, আদালতে অন্ততঃ ভোট গণনা স্থগিত ৰখা উচিত আছিল । ৰাজ্যিক নিৰ্বাচনী আয়োগৰ বিশেষ বিষয়া এছ কে সিঙে এখন পত্ৰ জাৰি কৰি সকলো জিলা দণ্ডাধীশ আৰু জিলা আৰক্ষী প্ৰধানলৈ শিক্ষকৰ মৃত্যু সন্দৰ্ভত সত্যাসত্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল ।

শৰ্মাই লগতে কয় যে, তেওঁলোকে এতিয়াও ফটেহপুৰ, বলৰামপুৰ, ছামলি, আলীগড় আৰু হামিৰপুৰকে ধৰি কেইবাখনো জিলাৰ পৰা নিৰ্বাচনী দায়িত্বত শিক্ষকসকলৰ স্বাস্থ্যৰ বিষয়ে তথ্য লাভ কৰা নাই । তেওঁ লগতে কয় যে, বৰ্তমান পৰিস্থিতি অতি সংকটজনক আৰু শিক্ষকসকলৰ পৰিয়াল ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । তেওঁ জনোৱা মতে, যোৱা ১২ এপ্ৰিলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছত তেওঁলোকে ৰাজ্যিক নিৰ্বাচনী আয়োগ নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল ।

কিন্তু আয়োগে তেওঁলোকৰ অনুৰোধ উপেক্ষা কৰে বুলি অভিযোগ তোলে উত্তৰ প্ৰদেশ শিক্ষা মহাসংঘৰ সভাপতিগৰাকীয়ে । আন এক শিক্ষক ইউনিয়ন ৰাষ্ট্ৰীয় শিক্ষক মহাসংঘৰ জিলা সভাপতিয়েও ৰাজ্যখনৰ সকলো জিলাতে নিৰ্বাচনী আয়োগৰ কাৰ্যালয়লৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে । উত্তৰ প্ৰদেশ প্ৰাথমিক শিক্ষক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ৰাজেন্দ্ৰ সিঙে কয় যে, নিৰ্বাচনে ইতিমধ্যে যথেষ্ট ক্ষতি কৰিছে । এতিয়া ভোট গণনা সম্পন্ন কৰিলে পৰিস্থিতি অধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰৱল ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ত্ৰিপুৰাৰ ২৭,২০৫ জন পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.