ETV Bharat / bharat

Religion Conversion Jihad : ধৰ্মান্তৰকৰণ জিহাদত থানেৰ পৰা নিৰুদ্দেশ ৫৩৫ মহিলা; বিজেপি নেতা আশিস শ্বেলাৰৰ অভিযোগ

author img

By

Published : Jun 21, 2023, 11:26 AM IST

বিজেপি নেতা আশিস শ্বেলাৰৰ দাবী, ৰাজ্যখনত বৰ্তমান চাৰি প্ৰকাৰৰ জিহাদ চলি আছে । সেয়া হৈছে লাভ জিহাদ (Love Jihad), ইলেক্ট্ৰ'নিক্স জিহাদ (Electronics Jihad), সেৱা জিহাদ (Service Jihad) আৰু ক্ষমতা জিহাদ (Power Jihad) ।

Religion Conversion Jihad
Religion Conversion Jihad

নিউজ ডেস্ক, ২১ জুন : 'লাভ জিহাদ'ৰ পিছত এইবাৰ 'ধৰ্মান্তৰকৰণ জিহাদ' । লাভ জিহাদ সন্দৰ্ভত সময়ে সময়ে বিজেপি নেতাসকল সোচ্চাৰ হৈ অহাৰ সময়তে এইবাৰ ধৰ্মান্তৰকৰণ জিহাদক লৈ এক গুৰুতৰ অভিযোগ আনিছে মহাৰাষ্ট্ৰৰ এগৰাকী বিজেপি নেতাই । বিজেপি নেতা আশিস শ্বেলাৰৰ দাবী, ৰাজ্যখনত বৰ্তমান চাৰি প্ৰকাৰৰ জিহাদ চলি আছে । সেয়া হৈছে লাভ জিহাদ (Love Jihad), ইলেক্ট্ৰ'নিক্স জিহাদ (Electronics Jihad), সেৱা জিহাদ (Service Jihad) আৰু ক্ষমতা জিহাদ (Power Jihad) ।

তেওঁ কয় যে দেশত বৰ্তমান জিহাদৰ বতাহ বৈ আছে । এটা বছৰত দেশৰ পৰা ২ লাখ মহিলা অন্তৰ্ধান হোৱা বুলিও তেওঁৰ অভিযোগ । আনহাতে, বিজেপি নেতাজনে দাবী তথা অভিযোগ কৰিছে যে থানেৰ পৰা এবছৰত ৫৩৫ গৰাকী মহিলা সন্ধানহীন হোৱাৰ গোচৰ আৰক্ষীৰ ওচৰত পঞ্জীয়ন কৰা হৈছে । তেনে ক্ষেত্ৰত গৃহ বিভাগ আৰু আৰক্ষীয়ে এই বিষয়টো কেতিয়া গুৰুত্বসহকাৰে ল'ব বুলিও তেওঁ প্ৰশ্ন কৰে ।

তেওঁ কয়, লাভ জিহাদ হৈছে চাৰি প্ৰকাৰৰ জিহাদৰ ভিতৰত এটা । যদি জিহাদ নাথাকিলহেঁতেন তেন্তে শ্ৰদ্ধা ৱাকাৰৰ দৰে ঘটনা ঘটিব নোৱাৰিলেহেঁতেন বুলিও তেওঁৰ দাবী । শ্ৰদ্ধাৰ শৰীৰৰ অংশবোৰ ফ্ৰিজত ৰখা হৈছিল । আনহাতে, একেটা ফ্ৰিজৰ পৰা পানীৰ বটলেৰে পানী খোৱাটো এটা পৈশাচিক প্ৰৱণতা । ইফালে ইলেক্ট্ৰ'নিক্স জিহাদৰ সন্দৰ্ভত তেওঁ কয়, সকলো স্তৰতে এটা অভিযোগ উত্থাপিত হৈছে যে ইলেক্ট্ৰ'নিক্স জিহাদ মুম্বৰা অঞ্চলৰ পৰাই আৰম্ভ হৈছে ।

উল্লেখ্য, কেইদিনমান পূৰ্বে এটা ঘটনা পোহৰলৈ আহিছিল যে শ্বাহনাৱাজ নামৰ এজন যুৱকে এক অনলাইন গেমৰ জৰিয়তে ধৰ্মান্তৰিত কৰি আহিছে । তৃতীয় জিহাদ হৈছে সেৱা জিহাদ । আশিসৰ প্ৰশ্ন, ডেলিভাৰী কৰ্মচাৰীসকল কিয় এটা নিৰ্দিষ্ট জাতিৰ ? আশিস শ্বেলাৰে তেওঁৰ বক্তব্যত চতুৰ্থ জিহাদটো ক্ষমতা জিহাদ বুলি ব্যাখ্যা কৰি এক উত্তেজনাৰ সৃষ্টি কৰে ।

থানেৰ পৰা ৫৩৫ গৰাকী মহিলা সন্ধানহীন

জিহাদৰ দ্বাৰা সামাজিক ব্যৱস্থা কেনেদৰে ধ্বংস কৰা হৈছে তাৰ উদাহৰণ দাঙি ধৰি আশিস শ্বেলাৰে জিহাদৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বেদনাও উপস্থাপন কৰে । আশিস শ্বেলাৰে অভিযোগ কৰে যে জিহাদৰ জৰিয়তে এবছৰত দেশৰ পৰা ২ লাখ মহিলা নিৰুদ্দেশ হৈছে । কেৱল সেয়াই নহয়, শ্বেলাৰে অভিযোগ কৰে যে থানেৰ পৰাও ৫৩৫ গৰাকী মহিলা নিৰুদ্দেশ হৈছে । তেওঁ লগতে দাবী কৰে যে থানে আৰক্ষীৰ ওচৰত এই মহিলাসকলৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ আৰু ৰেকৰ্ড আছে । যাৰ ফলত এক আলোড়নৰ সৃষ্টি হৈছে ।

নিৰুদ্দেশ মহিলাৰ বাস্তৱিকতা

আনহাতে, লাভ জিহাদৰ দৰেই ইলেক্ট্ৰ'নিক্স জিহাদো অধিক গুৰুতৰ বুলি দাবী আশিস শ্বেলাৰৰ । এই জিহাদ মুম্বৰাৰ পৰা আৰম্ভ হোৱা বুলি তেওঁৰ দাবী । ইয়াৰ উপৰি সেৱা জিহাদ আৰু ক্ষমতা জিহাদো এক কাৰক বুলি উল্লেখ কৰে শ্বোলাৰে । তেওঁ লগতে উল্লেখ কৰে যে চুইগি, পিজ্জাৰ দৰে ডেলিভাৰী বয়বোৰত এক নিৰ্দিষ্ট ধৰ্মৰ লোককহে কিয় দেখা যায় । তেওঁৰ দাবী, এইটো এটা সত্য যে ধৰ্মান্তৰকৰণ জিহাদৰ বাবেই এবছৰত ২ লাখ মহিলা দেশৰ পৰা নিৰুদ্দেশ হৈছে ।

আনহাতে, মহাৰাষ্ট্ৰৰ থানেৰ পৰা এবছৰত ৫৩৫ গৰাকী মহিলা সন্ধানহীন হোৱাটোও গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে । এই মহিলাসকল ক'লৈ গ'ল সেই সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

ক্ষমতা জিহাদ

উল্লেখ্য যে মহাৰাষ্ট্ৰত মহাবিকাশ আঘাড়ী জোঁট গঠন হোৱাৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ মুম্বাইৰ সভাপতি আশিস শ্বেলাৰে উল্লেখ কৰিছিল যে ক্ষমতা জিহাদ প্ৰকাশ পাইছে । আশিস শ্বেলাৰে জনসাধাৰণক ক্ষমতাৰ ভোকাতুৰ জিহাদীসকলক এটা পাঠ শিকোৱাৰ বাবে সতৰ্ক হ'বলৈও আহ্বান জনাইছিল । দেশৰ ওপৰত হোৱা আদৰ্শগত আক্ৰমণ, সামাজিক পাৰ্থক্য সৃষ্টিৰ প্ৰৱণতা আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি প্ৰত্যাহ্বানৰ বিষয়ে সত্য প্ৰকাশ কৰিবলৈ তেওঁ এক কাৰ্যসূচী গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ।

ইফালে, এই সন্দৰ্ভত বক্তব্য আগবঢ়াই বিধায়ক আশিস শ্বেলাৰে উল্লেখ কৰে যে অ' শ্ৰুতিয়ে সমাজৰ আগত এই প্ৰশ্ন উত্থাপন কৰি ধৰ্মান্তৰকৰণৰ বিষয়ে ভাবিবলৈ বাধ্য কৰিছে । এইটো কেৱল ধৰ্মান্তৰকৰণেই নহয়, ই হিন্দু আৰু ৰাষ্ট্ৰৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন বুলিও শ্বেলাৰে দাবী কৰে ।

লগতে পঢ়ক :Elon Musk Meeting With PM Modi : অন্য ডাঙৰ দেশতকৈ ভাৰত অধিক প্ৰতিশ্ৰুতিবদ্ধ; ইলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.