ETV Bharat / bharat

5 ways to manage childhood allergies : শিশুৰ এলাৰ্জী ৰোধৰ 5 টা উপায়

author img

By

Published : Jan 18, 2022, 6:35 PM IST

মাতৃত্ব মানেই যেন আবেগ-অনুভূতিৰে ভৰা এটি সম্পৰ্ক ৷ সন্তানক যাতে সকলো প্ৰকাৰৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰ বাবে এগৰাকী মাতৃয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা চলায় ৷ শিশুৰ ক্ষেত্ৰত সচৰাচৰ দেখিবলৈ পোৱা তেনে এক সমস্যা হৈছে এলাৰ্জী ৷ এই প্ৰতিবেদনত শিশুৰ এলাৰ্জী কেনেদৰে ৰোধ কৰিব পাৰি, সেই সম্পৰ্কে বিশেষজ্ঞসকলে 5 টা উপায় দিছে ৷

5 ways to manage childhood allergies
শিশুৰ এলাৰ্জী ৰোধৰ 5 টা উপায়

ভাৰতত আটাইতকৈ বেছি এলাৰ্জী হোৱা খাদ্যসমূহ হৈছে গাখীৰ, কণী আৰু চিনাবাদাম । আই এ পি ৰ জৰীপ অনুসৰি, 14 বছৰৰ তলৰ 11.4 শতাংশ শিশুৱে যিকোনো প্ৰকাৰৰ এলাৰ্জীত ভোগে ৷ তদুপৰি সাধাৰণতে মে’ মাহৰ আশে-পাশে এলাৰ্জীজনিত সমস্যাত ভোগা শিশুৰ সংখ্যা বৃদ্ধি পায় ৷

এলাৰ্জীৰ সাধাৰণ লক্ষণবোৰ হৈছে- নাকৰ পৰা অহৰহ পানী ওলাই থকা, হাঁচি, কাঁহ, খজুৱতি, চকু ৰঙা পৰি পানী বৈ থকা, জিভা ফুলা আৰু উশাহ-নিশাহত অসুবিধা পোৱা ইত্যাদি ৷ এই কাৰকসমূহে শৰীৰত দেখা দিয়াৰ বাবে এটা শিশুৱে যথেষ্ট কষ্ট অনুভৱ কৰে ৷ সময়ৰ লগে লগে এলাৰ্জী লাহে লাহে সংক্ৰমিত হয় ৷ অভিভাৱকসকলে এই সময়চোৱাত ধৈৰ্য ধৰাৰ প্ৰয়োজন ৷

তলত 5 টা ভিন্ন উপায় দিয়া হৈছে, যাৰ দ্বাৰা এলাৰ্জীজনিত সমস্যা কিছু পৰিমাণে ৰোধ কৰিব পৰা যায় ৷

চাপ মুক্ত কৰি ৰাখক (Do Not Stress) :

এই সময়ত চাপমুক্ত আৰু শান্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । আনহাতে, আতংকিত হোৱাৰো প্ৰয়োজন নাই ৷ এলাৰ্জীৰ লক্ষণবোৰৰ বিষয়ে জনাৰ পিছত, ঘৰত প্ৰাথমিক চিকিৎসা হিচাপে এণ্টি এলাৰ্জীক কীট এটা ৰখাটো প্ৰয়োজনীয় । শিশুৰোগ বিশেষজ্ঞৰ সহায়ত এই কীট তৈয়াৰ কৰি ল’ব পৰা যায় ৷

মাজে সময়ে প্ৰাকৃতিক পৰিৱেশত উমলিবলৈ দিয়ক (Let them get dirty) :

প্ৰকৃতিৰ সৈতে এটা শিশুৰ সম্পৰ্ক থকাটো নিতান্তই গুৰুত্বপূৰ্ণ । প্ৰকৃতিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ মাজে সময়ে শিশুসকলক প্ৰকৃতিৰ সৈতে উমলিবলৈ দিয়া উচিত ৷ যেতিয়াই এটা শিশুৱে প্ৰকৃতিৰ সংস্পৰ্শলৈ আহিব, তেতিয়াই শিশুটিৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি পাব ৷

অন্ত্ৰৰ মাইক্ৰ’বায়োটা সংশোধন (Gut Microbiota Correction) :

আয়ুৰ্বেদ অনুসৰি, সকলো ধৰণৰ এলাৰ্জীৰ অন্ত্ৰৰ সৈতে সম্পৰ্ক আছে ৷ এণ্টিবায়’টিকৰ মাত্ৰাধিক ব্যৱহাৰে অন্ত্ৰত নিচেই ক্ষুদ্ৰ ছিদ্ৰৰ সৃষ্টি কৰে । সময়ৰ লগে লগে এই ছিদ্ৰবোৰ ডাঙৰ হৈ যায় ৷ যাৰ ফলত তেজত অধিক এলাৰ্জীজনিত কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷

এলাৰ্জীৰ সম্পূৰ্ণ গৱেষণা (Full Research of the Allergen) :

শিশুসকলে এলাৰ্জীৰ লক্ষণ সমূহত ভুগি থকাৰ কথা জানিব পৰাৰ লগে লগে অভিভাৱকসকলে ডিটেক্টিভ ছাৰ্লক হোমছৰ দৰে কাম কৰাৰ প্ৰজনীয়তা আহি পৰে । তেওঁলোকে সন্তানে কি খাদ্য গ্ৰহণ কৰিছে , কি কাপোৰ পিন্ধিছে অথবা শিশুৱে ব্যৱহাৰ কৰা ছালৰ যত্ন লোৱা সামগ্ৰী সমূহৰ বিষয়েও বিতংভাৱে জানিবলৈ যত্ন কৰিব লাগিব ৷ মন কৰিব লগীয়া যে, ইয়াৰে যিকোনো বস্তুৰ দ্বাৰাই এলাৰ্জীৰ আৰম্ভণি হ’ব পাৰে ৷

প্ৰাকৃতিক এল’ভেৰা আধাৰিত সামগ্ৰী :

ছালৰ এলাৰ্জিৰ ক্ষেত্ৰত, এল’ভেৰা অৰ্থাৎ ছালকুঁৱৰী হৈছে আৰোগ্যকাৰী সামগ্ৰী । আমি শিশুসকলৰ বাবে প্ৰাকৃতিক, জৈৱিক আৰু বিশুদ্ধ এল’ভেৰা আধাৰিত সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিওঁ ৷ যাতে তেওঁলোকৰ ছাল মসৃণ, শান্ত আৰু সতেজ হৈ থাকে ৷

(প্ৰতিবেদনৰ লেখিকা ডাঃ নিধি গুপ্তা, পুনেৰ ডি ৱাই পাটিল বিশ্ববিদ্যালয়ৰ অধ্যক্ষা ৷ তেওঁ এগৰাকী কাৰ্ডিওমেটাবলিক বিশেষজ্ঞ, মাতৃ আৰু শিশুৰ পুষ্টি আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ বিষয়ত অভিজ্ঞ)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.