পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ ওড়িশাৰ বিৰজু কুলু সন্ধানহীন
শনিবাৰে নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছে উৰিষ্যাৰ বিৰজু কুলু । ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটোৱা ওড়িশাৰ কটংগাৰ বিৰজু কুলু বিগত বৰ্ষৰ নৱেম্বৰ মাহত স্ব-গৃহত উপস্থিত হৈছিল । চোৰাংচোৱা বুলি সন্দেহ কৰি পাকিস্তানত কাৰাদণ্ড বিহিছিল ৫০ বছৰীয়া বিৰজুক ।
জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ
নাগালেণ্ডৰ সুন্দৰ শান্ত সেউজীয়া পৰিৱেশৰ মাজত থকা জুক’ ভেলীৰ বিধ্বংসী বনজুইয়ে 5 দিনত ভৰি দিছে ৷ ভাৰতীয় বায়ুসেনাই ক্ৰমাগতভাৱে অভিযান অব্য়াহত ৰাখিছে যদিও বনজুইয়ে এফালৰ পৰা পুৰি নিঃশেষ হৈছে শতাধিক পৰিমানৰ নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ ৷
বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, পণ্ডিত, গৱেষক, অধ্যাপক ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয় ৷ তেওঁৰ অনুপস্থিতিত তেওঁৰ পত্নী নন্দিতা চলিহাই গ্ৰহণ কৰে বঁটা ৷
চিকিৎসকবিহীন পৰিত্যক্ত অৱস্থাত থকা লখিমপুৰৰ এখন হাস্পতাল
লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত নাই কোনো চিকিৎসক, নাৰ্চ ৷ শীঘ্ৰেই হাস্পতালখনত চিকিৎসক, নাৰ্চক নিযুক্তি দিয়াৰ বাবে দাবী জনাইছে ফুলবাৰীবাসীয়ে ।
2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান
2022 চনত প্ৰকাশ পাব এঘাৰটা ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান ৷ বড়ো, তিৱা, কাৰ্বি , দেউৰী, ডিমাচা, ৰাভা, গাৰো আৰু মিচিং মুঠ 8 টা ভাষাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাতো প্ৰকাশ পাব এই বহুভাষিক অভিধানখন ৷
সমগ্ৰ বিশ্বৰ শেহতীয়া COVID-19ৰ স্থিতি
মহামাৰী ক'ৰণা ভাইৰাচত সমগ্ৰ বিশ্বতে 8,55,20,216 জন লোক সংক্ৰমিত হোৱাৰ লগতে 18,50,941 জন লোক নিহত হৈছে ৷ বৰ্তমানলৈকে 6,04,86,965 জন লোকে মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৷
ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত
আয়কৰ বিভাগ কৰ্তৃপক্ষই সোমবাৰে এক অভিযোগৰ ভিত্তিত বেনামী সম্পত্তি ৰখাৰ অভিযোগত ৰ'বাৰ্ট ভাদ্ৰাৰ বাসগৃহত তালাচী চলায় ৷ ভাদ্ৰা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোৱায়েক ৷ তেওঁ ছোনিয়া গান্ধীৰ কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৷
বিগত 11 দিনত দেশত 1 কোটি কৰ‘ণাৰ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 5.89 শতাংশ লোকৰ শৰীৰত হে কৰ‘ণাৰ অৱস্থিতি ধৰা পৰে ৷ ভাৰতৰ মুঠ 2299 খন গৱেষণাগাৰত কৰ‘ণাৰ নমুনা পৰীক্ষণ কৰি থকা হৈছে ৷
অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!
ৰাজহুৱা সম্পত্তি বিক্ৰী আৰু ব্যক্তিগতকৰণ কোনো কাৰণতে মানি নলয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। পৰিষদে নদী বান্ধ আৰু নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি আছে আৰু কৰি থাকিব ৷ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিবই লাগিব ৷ ইনাৰলাইন পাৰ্মিটৰ বাবে দিল্লীত গৈ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা
অসমত আহি উপস্থিত বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন শৰ্মা ৷ দেওবাৰে পাণ্ডা আৰু শৰ্মা অসমত আহি উপস্থিত হয় ৷ সোমবাৰৰ পৰা দুই নেতাই আগন্তুক 2021 ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে উজনি অসম অভিযান ৷