ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jan 3, 2021, 5:01 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

"21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়, সেইয়া হ'ব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৷ নিৰ্বাচনৰ আগতে অখিল গগৈক মুক্তি নিদিলে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰধান ইচ্যু হ’ব অখিল গগৈৰ মুক্তি ৷" দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত এনেদৰে মন্তব্য কৰি সৰৱ হৈ পৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া ৷

কেৰালাত বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাত নিহত 5 গৰাকী

কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু হয় 5 গৰাকী লোকৰ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় বহু কেইগৰাকী যাত্ৰী ৷

বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !

উত্তৰাখণ্ডত বিগত 19 বছৰত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা ৷ আনহাতে ৰাজ্যখনত বিগত 19 বছৰত এচিড আক্ৰমণৰ বলি হৈছে 19 গৰাকী মহিলা ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য ৷

কোভিড প্ৰতিষেধকঃ ভাৰতৰ সিদ্ধান্তক প্ৰশংসা বিশ্ব স্বাস্থ্য় সংস্থাৰ

ভাৰতীয় ড্ৰাগ নিয়ন্ত্ৰণকাৰী সংস্থা ডিজিচিআইয়ে দুটাকৈ ভাৰতীয় প্ৰতিষেধকৰ টীকাকৰণত জৰুৰীকালীন অনুমোদন জনোৱাৰ পাচতেই ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় বিশ্ব স্বাস্থ্য সংস্থাই ৷

ৰাজ্য চৰকাৰৰ মাদ্ৰাছা বিলুপ্তিকৰণৰ সিদ্ধান্তক আদৰণি অসম গৰিয়া পৰিষদৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তক যুগান্তকাৰী আখ্যা অসম গৰিয়া পৰিষদৰ । মাদ্ৰাছা বিলুপ্তিকৰণ কোনোপধ্যেই ইছলাম বিৰোধী নহয় ৷ বৰং ৰক্ষণশীলতা, মৌলবাদ আৰু সাম্প্ৰদায়িকতাৰ পৰা ভৱিষ্যতৰ মুছলমান প্ৰজন্মক ৰক্ষা কৰিব বুলি মন্তব্য কৰে অসম গৰিয়া পৰিষদৰ সভাপতি ৰহমচা আলীৰ ।

দিল্লীত একাংশ লোকৰ নিৰ্মম প্ৰহাৰত মৃত্য়ু এজন যুৱকৰ

দিল্লীৰ ৰঘুবীৰ নগৰত একাংশ লোকে মৰিয়াই মৰিয়াই হত্য়া কৰে ২৭ বছৰীয়া সতেন্দ্ৰক । মৃত সতেন্দ্ৰ শিৱাজী নগৰৰ জনতা কলনীৰ বাসিন্দা ।

অৰ্ধনিৰ্মিত দেৱাল খহি আঘাট প্ৰাপ্ত কুৰিৰো অধিক লোক

এটা অৰ্ধনিৰ্মিত ঘৰৰ দেৱাল খহি পৰা ফলত উত্তৰ প্ৰদেশৰ ঘৰজিয়াবাদত 17 গৰাকীকৈ লোক নিহত হোৱাৰ লগতে কুৰিৰো অধিক লোক আঘাট প্ৰাপ্ত হৈছে ৷ বৰ্তমানেও ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷

হাজোত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ AJP ত যোগদান

শনিবাৰে হাজোৰ কুলহাতীত প্ৰাক্তন কংগ্ৰেছ নেতা তথা হাজো সমষ্টিৰ যুৱ সমাজ কৰ্মী দুলু আহমেদে পত্নী ৰজী আহমেদৰ লগতে কংগ্ৰেছ, অগপ আৰু বিভিন্ন দল সংগঠনৰ বহু নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত ।

ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে ৰাজ্যত

মাঘ বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে ৷ ভোগালী বিহুক আদৰাৰ বাবে এতিয়া প্ৰস্তুতি চলিছে তুংগত ৷ বাইহাটা চাৰিআলিত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ ডুমুনীচৌকীৰ শৰাইঘাট গাঁৱত পূৰ্ণোদ্যমে চলিছে ভোগালী বিহু উদযাপনৰ যোজা ৷ মাঘ বিহু ভোগালী বুলি কোৱা অসমীয়াই সকলো পাহৰি এতিয়া এইদৰেই ব্যস্ত হৈ পৰিছে বিহুৰ আনন্দ উদযাপনত ৷

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি সাংবাদিক

নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি এটি ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সুব্ৰত কাকতি ৷ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই সাংবাদিক গৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.