ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 31, 2020, 5:02 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

সন্দেহজনক সন্ত্ৰাসবাদীটো দিল্লী আৰু পঞ্জাৱ আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত আছিল আৰু 1990ত পঞ্জাৱৰ বিদ্ৰোহী সমস্যাৰ সমাধানত আগভাগ লোৱা বলৱিন্দৰ সিং সান্ধুৰ হত্য়াৰ সৈতে জড়িত আছিল ৷ বিশেষ শাখাই প্ৰকাশ কৰা অনুসৰি, পাকিস্তানৰ আইএছআইৰ নিৰ্দেশতে সান্ধুক হত্যা কৰিছিল সন্ত্ৰাসবাদীটোৱে ৷

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা

২০২১ চনৰ "ৰংবং তেৰাং সমন্বয় বঁটা'ৰ বাবে মনোনীত হৈছে অসমৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ তথা কবি "অনুৰাধাৰ দেশ'ৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ৷ অহা ১৩ জানুৱাৰী সাহিত্যিকগৰাকীক প্ৰদান কৰা হ'ব এই বঁটা ৷

2020 বৰ্ষৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ সাফল্য

2020 বৰ্ষত ক্ৰীড়া ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমে ৷ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ, আই পি এলৰ লগতে বক্সিঙৰ ক্ষেত্ৰতো অসমৰ খেলুৱৈয়ে দেখুৱাইছে পাৰদৰ্শিতা ৷

দুৰ্নীতি কৰাসকলৰ যাব লাগিব জেললৈ : প্ৰমোদ বড়ো

মুছলপুৰত উপস্থিত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ বিভিন্ন বিভাগৰ কাম-কাজ পৰিদৰ্শনৰ অৰ্থে বাক্সাৰ প্ৰাণকেন্দ্ৰ মুছলপুৰত উপস্থিত হয় বড়ো ৷ বিটিআৰত সংঘটিত দুৰ্নীতিৰ চিবিআইৰ তদন্ত ঘোষণাৰ আশ্বাস ৷

নগাঁৱত ঠিকনা হেৰুৱাব নেকি কণ কণ পোৱালীৰে সৈতে দুস্প্ৰাপ্য বৰটোকোলাৰ পৰিয়ালে

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত আশ্ৰয়হীন হোৱাৰ দিশে বাটৰ বাটৰুৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ নগাঁৱৰ পুৰণিগুদামৰ বৰটোকোলাৰ সাতটাকৈ পৰিয়াল ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত কণ কণ পোৱালিৰে সৈতে বৰটোকোলা কেইটাই আশ্ৰয় লৈ থকা নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্তী কাষৰিগাঁৱত ৰাজপথৰ কাষৰ শিমলু জোপা কাটি পেলোৱাৰ আশংকা ৷ গছ জোপা কাটি পেলোৱাৰ পূৰ্বে বৰটোকোলা কেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ আহ্বান স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ ৷

এ আই ইউ ডি এফে নস্যাৎ কৰিলে মাৰ্কাজুল মাৰিফৰ সৈতে সম্পৰ্ক

মাৰ্কাজুল মাৰিফলৈ বিদেশী পুঁজি যোগান ধৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগৰ সৈতে জড়িত কৰা হৈছে এ আই ইউ ডি এফকো । বৃহস্পতিবাৰে এ আই ইউ ডি এফলৈ কোনো বিদেশী পুঁজি নাহে বুলিও সংবাদমেলত ঘোষণা কৰে দলটোৰ বিধায়কসকলে ।

পহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ দ্বাৰ ৷ 1 জানুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব চিৰিয়াখানাখন ৷ দৰ্শনাৰ্থীসকলে মানি চলিব লাগিব কোভিড প্ৰট’কল ৷

61 শতাংশ মহিলাৰে গঠিত বাইডেনৰ হোৱাইট হাউছ প্ৰশাসন

বাইডেন প্ৰশাসনৰ বাবে হোৱাইট হাউছত নৱনিযুক্ত বিষয়ববীয়াৰ অধিকাংশই মহিলা প্ৰাৰ্থী ৷ 61 শতাংশ মহিলা আৰু 11 শতাংশ LGBTQ আৰু 54 শতাংশ বিভিন্ন বৰ্ণৰ লোকেৰে গঠিত হৈছে বাইডেন হেৰিছৰ নতুন প্ৰশাসন ৷

উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ

34 সংখ্যক PRAGATI মত-বিনিময়ত বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ভিন্ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় সচিব আৰু মুখ্য সচিবসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ ৷ জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা উধমপুৰ-বাৰামুলা ৰে’ল সংযোগসহ 7 টা মন্ত্ৰণালয়ৰ সৈতে সম্পৰ্কিত 11 টা প্ৰকল্পৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ সময়সীমা 15.08.2022 হিচাপে নিৰ্ধাৰণ প্ৰধানমন্ত্ৰীৰ ৷

এই বছৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ হ্ৰাস পাইছে : দিলবাগ সিং

2018 আৰু 19 বৰ্ষৰ তুলনাত জম্মু আৰু কাশ্মীৰত তুলনামূলকভাৱে হ্ৰাস পাইছে সন্ত্ৰাসবাদ মূলক কাম কাজ ৷ এই দাবী জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ ৷ অনুপ্ৰৱেশৰ ঘটনাও তুলনামূলকভাৱে হ্ৰাস পোৱা বুলি দাবী আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.