ETV Bharat / bharat

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা: ছট্টিশগড়ত একেটা পৰিয়ালৰে পাঁচগৰাকী মহিলা নিহত

ছট্টিশগড়ত শনিবাৰে সংঘটিত এক ভয়ংকৰ দূৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে পাঁচগৰাকী মহিলা ৷ গুৰুতৰভাৱে আহত হয় অন্য 6 গৰাকীকৈ লোক ৷ নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোক গৈ থকা মাৰুতি ভানখনে এজোপা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দূৰ্ঘটনা ৷

author img

By

Published : Jun 13, 2021, 8:00 PM IST

5 people died in road accident in chattisgarh
ছত্তিছগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত 5

নেচনেল ডেক্স, 13 জুন : ছত্তিছগড়ৰ গাজিয়াবন্ধ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা 11 বজাত এখন মাৰুতি ভানে গছত তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় পাচজনকৈ লোক ৷ লগতে গুৰুতৰভাৱে আহত হয় 6 গৰাকীকৈ লোক ৷

জানিব পৰা মতে, মাৰুতি ভানত থকা আটাইকেইগৰাকী লোক গৰিয়াবন্দ জিলাৰ মালগাঁও নামৰ গাঁৱৰ বাসিন্দা আছিল ৷ আৰক্ষীয়ে জানিব দিয়া মতে, ঘটনাস্থলীয়ে নিহত হোৱা ব্যক্তি গৰাকী হৈছে বাগুতি নিশাদ, কালা বাই, পাৰৱাত বাই, কেজ বাই, আৰু তেজ বাই ৷ আনহাতে গুৰুতৰভাৱে আহত হোৱা সকলক ৰাজিম অঞ্চলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ চিকিৎসকে গুৰুতৰভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে ৰাইপুৰলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.