ETV Bharat / bharat

4th meeting of INDIA bloc: বিৰোধী ঐক্যৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ভূপালত - NDA vs INDIA

ভূপালত অনুষ্ঠিত হ’ব পাৰে বিৰোধী মিত্ৰজোঁট 'I.N.D.I.A.'ৰ পৰৱৰ্তী বৈঠক ৷ সোমবাৰে এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য । লগতে আয়োজন কৰা হ’ব ৰাজহুৱা সমাৱেশৰ ৷

4th meeting of INDIA bloc
বিৰোধী ঐক্যৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব নিৰ্বাচনমুখী ভূপালত
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:53 AM IST

নেশ্যনেল ডেস্ক, 5 ছেপ্টেম্বৰ: বিৰোধী মিত্ৰজোঁট 'I.N.D.I.A.'ৰ পৰৱৰ্তী বৈঠক ভূপালত অনুষ্ঠিত হ’ব পাৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, চলিত বৰ্ষত মধ্য প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ বিভিন্ন বিৰোধী দলৰ নেতাৰ প্ৰথম যৌথ ৰাজহুৱা সমাৱেশৰ সমান্তৰালকৈ বিৰোধী ব্লক I.N.D.I.A. ৰ পৰৱৰ্তী বৈঠক ভূপালত অনুষ্ঠিত হ’ব পাৰে । সোমবাৰে এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য ।

মুম্বাইত সদ্য সমাপ্ত হোৱা বিৰোধী দলসমূহৰ বৈঠকত পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰাৰ বিকল্প সন্দৰ্ভত আলোচনা কৰা হৈছিল আৰু ভূপালত বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যাপক একমত আছিল যদিও বৰ্তমানলৈ কোনো তাৰিখ চূড়ান্ত কৰা হোৱা নাই ৷ ইয়াৰোপৰি, বৈঠক সন্দৰ্ভত অৰ্থাৎ কাৰ্যক্ৰমণিকা সন্দৰ্ভতো কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলিও সূত্ৰই কয় ।

পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত শাসকীয় NDA ৰ যুঁজ দিয়াৰ পৰিকল্পনাৰে গঠন কৰা বিৰোধী মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক অক্টোবৰৰ ভিতৰতে অনুষ্ঠিত হ’ব পাৰে বুলি অৱশ্যে সূত্ৰসমূহে প্ৰকাশ কৰিছে । বৈঠকৰ ক্ষেত্ৰত দিল্লীকো বিৰোধী নেতাসকলে অন্যতম বিকল্প হিচাপে গণ্য কৰিছিল । অৱশ্যে তাৰিখ সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

বিৰোধী দলৰ নেতাসকলে শাসকীয় NDA ৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে যুঁজিবলৈ চেষ্ঠা অব্যাহত ৰখাৰ কথা সংসদৰ অধিৱেশনৰ সময়ত দেখিবলৈ পোৱা গৈছিল । মণিপুৰ, মূল্যবৃদ্ধিকে ধৰি দেশৰ বিভিন্ন জটিল সমস্যাবোৰ সন্দৰ্ভত শাসকীয় NDA চৰকাৰক কঠোৰ ভাষাৰে জবাবদিহি কৰিছিল বিৰোধী ঐক্যই তথা I.N.D.I.A.ই ৷

ইতিমধ্যে I.N.D.I.A. ব্লকৰ তিনিখন বৈঠক পাটনা, বেংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হৈছে আৰু এতিয়া নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন স্থানত NDA ৰ বিৰুদ্ধে যৌথ সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে বিৰোধী ঐক্যই শাসকীয় NDA ক গাদীচ্যুত কৰিবলৈ আকৰ্ষণীয় ৰণনীতি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Bypolls: আজি ছয়খন ৰাজ্যৰ ৭ খন বিধানসভাৰ আসনৰ বাবে হ’ব উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.