ETV Bharat / bharat

বিপদজনক অৱস্থাত আছে বেংগালুৰুৰ ৪০৪ টা অট্টালিকা

author img

By

Published : Oct 17, 2021, 10:14 AM IST

সকলোৱে জানে দেশৰ দ্ৰুত উন্নয়নশীল চহৰবোৰৰ ভিতৰত অন্যতম কৰ্ণাটকৰ বেংগালুৰু । ইতিমধ্যে স্মাৰ্ট চিটিৰ বিশেষ প্ৰকল্পৰ কামো চলি আছে চহৰখনত । কিন্তু চহৰখনৰ জৰাজীৰ্ণ ৰূপৰ বিষয়ে আপুনি জানি আচৰিত হ'ব ।

Bengaluru in dilapidated state
বিপদজনক অৱস্থাত আছে বেংগালুৰুৰ ৪০৪ টা অট্টালিকা

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : দেশৰ অতি ব্যস্ত আৰু উন্নত চহৰসমূহৰ ভিতৰত অন্যতম হৈছে কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰু । যাক গাৰ্ডেন চিটি বুলিও কোৱা হয় । চহৰখন সকলোৰে চকুত লগা আৰু উচ্চ প্ৰযুক্তি সম্পন্ন কোম্পানীবোৰ এইখন চহৰত যথেষ্ট পৰিমাণে আছে । কিন্তু চহৰখন সন্দৰ্ভত চলোৱা এক শেহতীয়া জৰীপে চিন্তিত কৰি তুলিছে সাধাৰণ নাগৰিকৰ লগতে চৰকাৰক ।

জৰীপ অনুসৰি, সমগ্ৰ চহৰখনত আছে প্ৰায় ৪০৪ টা জৰাজীৰ্ণ অট্টালিকা । যিবোৰ অট্টালিকা অতি বিপদজনক অৱস্থাত আছে আৰু যিকোনো মূহুৰ্তত খহি পৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে জৰীপৰ প্ৰতিবেদন সংশিষ্ট কৰ্তৃপক্ষক দাখিল কৰা হৈছে । অট্টালিকাবোৰৰ এনে অৱস্থাৰ কথা গম পোৱাৰ পাছতে বিপদৰ আশংকা কৰি প্ৰশাসনে এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।

ৰাজ্যখনৰ ৰাজহ মন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই বৈঠকত আয়ুক্তক ১৫ দিনৰ ভিতৰত চহৰখনৰ আঠটা অঞ্চলত জৰীপ চলাবলৈ নিৰ্দেশ দিয়া হয় ।

উল্লেখ্য যে, ২০১৯ চনত চলোৱা এক জৰীপৰ পাছত দেখা গৈছিল যে চহৰখনত ১৮৫ টা অট্টালিকা জৰাজীৰ্ণ অৱস্থাত আছিল । জৰীপ চলোৱা সংস্থাটোৰ এগৰাকী অভিযন্তাই প্ৰকাশ কৰা মতে জৰাজীৰ্ণ অট্টালিকাৰ সংখ্যা বৃদ্ধি হৈ এতিয়া ৪০৪ পাইছে ।

লগতে পঢ়ক : প্ৰিয়ংকা গান্ধীৰ সামৰ্থক লৈ ভয় খাই ৰাহুল গান্ধীয়ে : প্ৰশান্ত কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.