নেশ্যনেল ডেস্ক,14 ফেব্ৰুৱাৰী: বাংগালুৰুত শেহতীয়াভাৱে এখন ব্যক্তিগত খণ্ডৰ নাৰ্চিং মহাবিদ্যালয়ৰ প্ৰায় 40 গৰাকী শিক্ষাৰ্থীৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰিছে ৷ শনিবাৰে স্বাস্থ্য বিভাগে জনোৱা মতে, আটাইকেইজনে কেৰালাৰ পৰা শিক্ষাগ্ৰহণৰ উদ্দেশ্যে মহাবিদ্যালয়খনলৈ আহিছিল ৷ সেয়ে 14-20 ফেব্ৰুৱাৰীলৈ চহৰখনৰ প্ৰায় সকলো নাৰ্চিং আৰু মেডিকেল কলেজত ক'ভিড-19 ৰ পৰীক্ষা কৰা হ'ব ৷
বেংগালুৰুৰ প্ৰশাসনিক আয়ুক্ত এন মঞ্জুনাথ প্ৰসাদে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কয় যে, মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ চহৰখনলৈ অহা শিক্ষাৰ্থীসকলৰ বাবে ক'ভিড- 19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে ৷ মহাবিদ্যালয়ত প্ৰৱেশৰ পূৰ্বে ক'ভিড-19 পৰীক্ষাৰ প্ৰমাণপত্ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষকো আহ্বান জনাইছে প্ৰসাদে ৷
ইফালে কৰ্ণাটক চৰকাৰে ঘোষণা কৰে যে, শিক্ষাগ্ৰহণৰ বাবে কেৰালাৰ পৰা ৰাজ্যখনলৈ অহা শিক্ষাৰ্থীসকলে ক'ভিড-19 পৰীক্ষাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট মহাবিদ্যালয় কৰ্তৃপক্ষৰ হাতত জমা কৰিব লাগিব ৷ চহৰখনৰ আয়ুক্তই জনোৱা মতে, পুলাকেশী নগৰ নাৰ্চিং মহাবিদ্যালয়ৰ মুঠ 210 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 40 গৰাকীৰ দেহতে ধৰা পৰিছে ক'ভিড-19 ভাইৰাছৰ উপস্থিতি ৷ যাৰ ভিতৰত 35 গৰাকী ছাত্ৰী আৰু 5 গৰাকী ছাত্ৰ ৷
লগতে পঢ়ক: পুনৰ লালকিল্লাত দীপ সিদ্ধু আৰু ইকবাল সিঙ: কিন্তু কিয় ?