ETV Bharat / bharat

চীনা নাগৰিকৰ সৈতে জড়িত ঋণ এপ ব্যৱহাৰৰ অভিযোগত আটক 4 জন

চেন্নাইত ঋণ সম্বন্ধীয় এপ ব্যৱহাৰ কৰাৰ গোচৰত ম’বাইল ফোন সেৱাৰ কৰ্মচাৰীসহ চাৰিজনক আটক ৷ চীনা নাগৰিকৰ সৈতে জড়িত এপ ব্যৱহাৰ কৰি গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত অভিযুক্ত কেইজনক আটক কৰে নগৰ আৰক্ষীয়ে ৷

arrested in loan apps issue involving Chinese nationals
চীনা নাগৰিকৰ সৈতে জড়িত ঋণ এপ ব্যৱহাৰৰ অভিযোগত আটক
author img

By

Published : Jan 7, 2021, 8:21 AM IST

নেশ্যনেল ডেস্ক,7 জানুৱাৰী : চীনা নাগৰিকৰ সৈতে জড়িত ঋণ সম্বন্ধীয় এপ ব্যৱহাৰ কৰাৰ এক গোচৰত চেন্নাইত ম’বাইল ফোন সেৱাৰ কৰ্মচাৰীসহ চাৰিজনক আটক কৰিছে নগৰ আৰক্ষীয়ে ৷ অভিযুক্ত কেইজনে 1,000 খনৰো অধিক চিম কাৰ্ড সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বেও এজন ব্যক্তিক অনলাইন ঋণ এপৰ দ্বাৰা দিয়া দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন চীনা লোকৰ লগতে কেইবাজনো ভাৰতীয়ক আটক কৰা হয় ৷ সম্প্ৰতি অভিযুক্ত কেইজনক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীৰ তদন্ত অনুসৰি, চিম কাৰ্ডবোৰ এটা ম’বাইল সেৱা প্ৰদানকাৰীৰ মেনেজাৰকে ধৰি দুজন লোক আৰু চহৰৰ ডিজিটেল ফাৰ্মৰ পৰিচালকসকলে প্রতাৰণামূলকভাৱে ক্ৰয় কৰিছিল ।

তেওঁলোকে মুঠ 1,100 খন চিম কাৰ্ড ক্ৰয় কৰে আৰু কাৰ্ড ক্ৰয়ৰ বাবে কোনো নিৰ্দেশনা মানি নচলা বুলি আৰক্ষীৰ বিবৃতিযোগে প্ৰকাশ পাইছে ৷ লগতে আৰক্ষীয়ে কয় যে, ঋণ এপ অপাৰেশ্যনৰ অংশ হিচাপে ব্যৱহৃত ম’বাইলৰ বিল অথবা ম’বাইলৰ জড়িয়তে হোৱা যি কোনো লেনদেনৰ ধন পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিসকলক শংকা আৰু উৎপীড়নেৰে দুৰ্ব্যৱহাৰ কৰা হৈছিল ৷

লগতে পঢ়ক : মাংগালুৰু বিমানবন্দৰত ৬৭ লাখ টকা মূল্যৰ সোণ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.