ইন্টাৰনেশ্যনেল ডেস্ক, 19 জুন : ৰাছিয়াৰ কেমেৰোভো অঞ্চলত সংঘটিত বিমান দুৰ্ঘটনা ৷ কেমেৰোভোৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে বিমানৰ আন বহু যাত্ৰী আঘাতপ্ৰাপ্ত হয় । TASSৰ খবৰ অনুসৰি দুৰ্ঘটনা পতিত এল-410 বিমানখনত 17 টা পেৰাচ্যুট জাম্পাৰ কঢ়িয়াই অনা হৈছিল আৰু আঠজন যাত্ৰী এই দুৰ্ঘটনা আঘাতপ্ৰাপ্ত হৈছিল ।
কেমেৰোভোৰ স্থানীয় জৰুৰীকালীন মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয় যে, "এল-৪১০ বিমানখনে তানাই বিমানক্ষেত্ৰৰ পৰা উৰা মাৰিছিল আৰু তাৰ পিছত বাঁওফালে বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।" "এল-৪১০ বিমানখনে ১৭ টা পেৰাচ্যুট জাম্পাৰ কঢ়িয়াই লৈ গৈছিল । এই দুৰ্ঘটনাত সাতজন মৃত আৰু আঠজন আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে," মুখপাত্ৰজনে লগতে কয় ।
লগতে পঢ়ক : ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ