ETV Bharat / bharat

Earthquake Hits Bihar : পশ্চিমবংগ আৰু বিহাৰত মৃদু ভূমিকম্পৰ জোকাৰণি - Earthquake Hits West Bengal

বুধবাৰে পুৱা বিহাৰৰ আৰৰিয়া আৰু পশ্চিমবংগৰ শিলিগুৰিত মৃদু ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় (earthquake hits Bihar and WB)। এই ভূমিকম্পৰ উৎপত্তি স্থান হৈছে শিলিগুৰিৰ পৰা ১৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে ৪.৩ ।

earthquake
earthquake
author img

By

Published : Apr 12, 2023, 8:56 AM IST

নিউজ ডেস্ক, ১২ এপ্ৰিল : বুধবাৰে এক মৃদু ভূঁইকঁপে জোকাৰি যায় বিহাৰৰ আৰাৰিয়া অঞ্চল (Earthquake hits araria Bihar) । নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীয়ে (National Centre for Seismology, NCS) এক টুইটযোগে জনোৱা মতে, বুধবাৰে পুৱাৰ ভাগত আৰাৰিয়াত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয় । এনচিএছৰ তথ্য মতে, বুধবাৰে পুৱা ৫.৩৫ বজাত এই ভূমিকম্পটো সংঘটিত হয় । ৰাষ্ট্ৰীয় ভূকম্পন বিভাগৰ মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ হৈছে ভূমিপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰতাত ।

নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীৰ (National Centre for Seismology) অফিচিয়েল মিডিয়া হেণ্ডেলে টুইটাৰযোগে প্ৰকাশ কৰা মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ পশ্চিমবংগৰ শিলিগুৰিত । উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৯ এপ্ৰিল দেওবাৰে ৰিখটাৰ স্কেলত ৫.৩ প্ৰাবল্যৰ এটা ভূমিকম্প নিকোবৰ দ্বীপৰ ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল বুলি নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীয়ে প্ৰকাশ কৰিছিল (Earthquake at Nikobar Island) । বিয়লি প্ৰায় ৪.০১ বজাত এই ভূমিকম্পটো সংঘটিত হৈছিল ।

আনহাতে, নেচনেল চেণ্টাৰ ফৰ ছিছম'লজীয়ে প্ৰকাশ কৰা আন এক টুইটত জনায় যে বুধবাৰে পুৱতি নিশা পশ্চিমবংগৰ শিলিগুৰিৰ পৰা ১৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত ৪.৩ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয় (Earthquake Hits West Bengal) । এনচিএছে প্ৰকাশ কৰে যে বুধবাৰে পুৱা ৫.৩৫ বজাত এই ভূমিকম্পটো সংঘটিত হয় । বিহাৰ আৰু পশ্চিমবংগত সংঘটিত ভূমিকম্পৰ উৎপত্তি স্থান একেটাই । অৱশ্যে এই দুয়োটা ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰা হোৱা নাই (Earthquake Hits Siliguri) ।

উল্লেখ্য যে বিগত কিছু দিনত ভাৰতত সঘনাই অনুভূত হৈ আহিছে ভূমিকম্পৰ জোকাৰণি । অৱশ্যে এইবোৰৰ প্ৰাবল্য কম হোৱাৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই । শেহতীয়াভাৱে উত্তৰ ভাৰতৰ বহুকেইটা অঞ্চলত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আহিছে । আনহাতে, ভাৰতীয় ভূতাত্ত্বিক গৱেষণা সংস্থাই হিমালয়ান অঞ্চলত উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ আগজাননীও প্ৰকাশ কৰিছে । এই ভূমিকম্প সংঘটিত হ'লে উত্তৰ ভাৰতৰ বহুকেইখন পাহাৰীয়া ৰাজ্যৰ লগতে নেপালৰো যথেষ্ট ক্ষতি হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক :Rohingya Intruders arrested: ত্ৰিপুৰাত 5 বাংলাদেশী ৰোহিংগীয়া গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.