ETV Bharat / bharat

Earthquake hits Andaman and Nicobar : আন্দামানত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Dec 29, 2021, 9:55 AM IST

বুধবাৰে ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল প'ৰ্টব্লেয়াৰৰ দক্ষিণ-পূৱ অঞ্চলত (Earthquake jolted Southeast of Portblair) । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩ আৰু গভীৰতা ১০০ কিল’মিটাৰ ।

Earthquake hits Andaman and Nicobar Islands
ভূমিকম্পই জোকাৰি গ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : বুধবাৰে পুৱা ভূঁইকঁপে কঁপালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (Earthquake strikes Andaman and Nicobar Islands) । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'ল’জিয়ে টুইটযোগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ৫.৩১ বজাত প'ৰ্টব্লেয়াৰৰ দক্ষিণ-পূৱৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩ (4.3 magnitude earthquake hits Southeast of Portblair) । ইয়াৰ বিপৰীতে কম্পনৰ গভীৰতা আছিল ১০০ কিল’মিটাৰ । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে লগতে উল্লেখ কৰিছে যে, ভূমিকম্পৰ অভিকেন্দ্ৰ প'ৰ্টব্লেয়াৰৰ পৰা ১৬৫ কিল’মিটাৰ দূৰত্বৰ দক্ষিণ-পূৱ দিশত । ভূমিকম্পৰ ফলত বিশেষ ক্ষয়-ক্ষতি হোৱাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, যোৱা ৮ নৱেম্বৰতো একে প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক । এই ভূমিকম্পৰ গভীৰতা আছিল ১৬ কিল’মিটাৰ ।

লগতে পঢ়ক: শেহতীয়াকৈ অনুমোদন লাভ কৰা নতুন ক'ভিড প্ৰতিষেধক আৰু টেবলেট সম্পৰ্কে কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.