ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3PM TOP TEN NEWS
3PM TOP TEN NEWS
author img

By

Published : Jan 2, 2021, 2:53 PM IST

জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

নাগালেণ্ডৰ মনোমোহা জুক’ উপত্যকা সম্প্ৰতি বনজুইৰ গ্ৰাসত ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা উপত্যকাটো বনজুইৰ পৰা ৰক্ষা কৰিবলৈ সেনাই ব্যৱহাৰ কৰিছে এম আই-17 ভি 5 নামৰ হেলিকপ্তাৰ ৷ গুৱাহাটী বিমানবন্দৰৰ পৰা নাগালেণ্ড অভিমুখে উৰা মাৰিছে হেলিকপ্তাৰখন ৷

প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত হ’ল ৰাইজৰ দলত যোগদান কাৰ্যসূচী

গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত কৰা হয় ৰাইজৰ দলত যোগদান কাৰ্যসূচী ৷ এই অনুষ্ঠানত প্ৰায় তিনি শতাধিক কৰ্মীয়ে যোগদান কৰে জাতীয়তাবাদী দলটোত ৷

সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

দেশত ক'ৰণা প্ৰতিষেধকৰ উপলব্ধতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে কেৱল দিল্লীতে নহয় বৰঞ্চ সমগ্ৰ দেশতে বিনামূলীয়াকৈ ক'ৰণা প্ৰতিষেধক উপলব্ধ হ'ব ৷ ক'ভিড-19 প্ৰতিষেধক সন্দৰ্ভত ৰাইজক উৰা বাতৰি সমূহত বিশ্বাস নকৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ৷

আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

আজি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-19ৰ টীকাকৰণৰ বাবে ড্ৰাই ৰান সম্পন্ন কৰা হ'ব । পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ আৰু প্ৰত্যাহ্বানবোৰ আগতীয়াকৈ চিনাক্ত কৰিবলৈ এই ড্ৰাই ৰানৰ ব্যৱস্থা কৰা হৈছে ৷

কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত আঠ গৰাকী লোক.

দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ ৷ সুৰক্ষা কৰ্মীৰ ওপৰত গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ ৷ গ্ৰেনেড বিস্ফোৰণৰ ফলত আঠ গৰাকী লোক আঘাতপ্ৰাপ্ত ৷

দিল্লীত হাৰ্লি ডেভিডচনৰ শ্ব’ৰুমত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ মতিনগৰস্থিত হাৰ্লি ডেভিডচনৰ শ্ব’ৰুমত ভয়ংকৰ অগ্নিকাণ্ড ৷ শনিবাৰে পুৱাই সংঘটিত হয় এই ঘটনা ৷

ডিব্ৰুগড়ত দৰিদ্ৰ বৃদ্ধাৰ কাষত ছাত্ৰ নেতা

ডিব্ৰুগড়ত ৮৫ৰ উৰ্দ্ধৰ এগৰাকী আইতাৰ কাষত ঠিয় দিলে এজন ব্যক্তি ৷ জাৰৰ এই দিনকেইটাত মানবীয়তাৰ পৰিচয় দি অজয় গগৈয়ে বৃদ্ধাগৰাকীৰ ঘৰত উপস্থিত হৈ শীতৰ কাপোৰ যোগান ধৰাৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে ৷

গোৱালপাৰাত দীৰ্ঘদিনে সন্ধানহীন দুজন যুৱক

গোৱালপাৰাত বিগত 9 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে দুজনকৈ যুৱক ৷ পৰিয়ালৰ অভিযোগ দাখিলৰ পিছতো গুৰুত্বহীনতাৰ অভিযোগ মৰনৈ আৰক্ষীৰ বিৰুদ্ধে ৷

মাদুৰাইৰ পৰা বাংলাদেশলৈ ট্ৰেক্টৰ ৰপ্তানি ৰে'ল বিভাগৰ

প্ৰথমবাৰৰ বাবে মাদুৰাই ৰে'ল বিভাগৰ মালবাহী ৰে'লেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে ভাৰতত নিৰ্মিত ট্ৰেক্টৰ । মাদুৰাই ৰে'ল বিভাগে ভড়ীপট্টীস্থিত টি এ এফ ই ফেক্টৰীৰ পৰা ট্ৰেক্টৰবোৰ ৰপ্তানি কৰিছে ।

দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

শনিবাৰে দিল্লী-গাজিপুৰত চলি থকা কৃষকৰ প্ৰতিবাদস্থলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শৌচালয়ত চীপ লৈ আত্মহত্যা কৰে এজন কৃষকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.