ETV Bharat / bharat

জটিল ৰোগত ভোগা শিশুৰ বাবে ত্ৰিপুৰাত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা

author img

By

Published : Apr 22, 2021, 12:17 PM IST

ত্ৰিপুৰাত জটিল স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় 300 ৰ পৰা 400 শিশুৰ বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা ৷ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম (Rashtriya Bal Swasthya Karyakram) জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা ৷

300 to 400 children get free treatment every year: official
জটিল ৰোগত ভোগা শিশুৰ বাবে ত্ৰিপুৰাত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা

ত্ৰিপুৰা, 22 এপ্ৰিল: ত্ৰিপুৰাত প্ৰতি বছৰে বিভিন্ন ধৰণৰ জটিল স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় 300 ৰ পৰা 400 শিশুৱে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম (Rashtriya Bal Swasthya Karyakram) জৰিয়তে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰে বুলি মন্তব্য কৰিছে ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জয়ছোৱালে ৷ মঙলবাৰে এক অনুষ্ঠানত উপস্থিত থাকি জয়ছোৱালে কয় যে, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম শীৰ্ষক আঁচনিৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ মুঠ 38 টা জটিল স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা কৰিব পৰা যায় ৷

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু Dr BRAM Teaching Hospital ত ফটা ওঁঠ আৰু ফটা তালুৰ অস্ত্ৰোপচাৰক লৈ অনুষ্ঠিত এটা পাঁচদিনীয়া কেম্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি জয়ছোৱালে জানিবলৈ দিয়ে যে, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম আঁচনিৰ অধীনত ৰাজ্যখনত মুঠ 48 টা দলে চিকিৎসা সোৱা আগবঢ়াই আহিছে আৰু যিসকল ব্যক্তিকে সহায়ৰ প্ৰয়োজন হয় তেওঁলোকে তাত উপস্থিত হৈ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় ৷

পাঁচদিনীয়া চাৰ্জাৰী কেম্পটোত বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় 60 পৰা 70 গৰাকী শিশুক চিকিৎসা আগবঢ়োৱা হয় ৷ জয়ছোৱালে জানিবলৈ দিয়া মতে, মুঠ 38 টা অৱস্থাত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম আঁচনিৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰি ৷ ৰাজ্যৰ ভিতৰত চিকিৎসা সম্ভৱপৰ ন'হলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ফালৰ পৰা ৰাজ্যৰ বাহিৰত চিকিৎসাৰ ব্যৱস্থা কৰা হয় বুলিও জয়ছোৱালে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বিশ্বৰ 5 খন সৰ্বাধিক কৰ’ণা আক্ৰান্ত দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.