ETV Bharat / bharat

Dhar sensational case : দুবছৰ পূৰ্বে অন্ত্যেষ্টিক্ৰিয়া হোৱা যুৱক কেনেকৈ জীয়াই আছে ?

author img

By

Published : Apr 16, 2023, 1:56 PM IST

মধ্য প্ৰদেশৰ কাডোডকলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । কমলেশ পাতিদাৰ নামৰ এজন যুৱকৰ ২০২১ চনতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল । হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । কিন্তু দুবছৰৰ অন্তত ঘৰলৈ জীৱিত অৱস্থাত উভতি আহিল কমলেশ (Man buried 2 years ago returns home alive)। এয়া কেনেকৈ সম্ভৱ ?

Dhar sensational case
দুবছৰ পূৰ্বে অন্ত্যেষ্টিক্ৰিয়া হোৱা যুৱক কেনেকৈ জীয়াই আছে

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত মৃত্যু হৈছিল এজন যুৱকৰ । পৰিয়ালৰ লোকে নিশ্চিত কৰাৰ পাছত অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছিল যুৱকজনৰ । কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ ২ বছৰ পাছত পুনৰ ঘৰলৈ উভতি আহিছে যুৱকজন (Man buried 2 years ago returns home alive)। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্য প্ৰদেশত ।

মধ্য প্ৰদেশৰ ধৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা (Shocking incident in Dhar MP)। ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ব্যক্তিগত চিকিৎসালয়ৰ দ্বাৰা মৃত ঘোষণা কৰা হৈছিল যুৱকজনক আৰু ক'ভিডত মৃত্যু হোৱা যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়াও কৰা হৈছিল । পিছে শনিবাৰে জীৱিত অৱস্থাত ঘৰলৈ উভতি আহিছে যুৱকজন । যুৱকজনক জীৱিত অৱস্থাত দেখি আচৰিত হয় পৰিয়ালৰ লোক । অৱশ্যে পাছত পৰিয়ালৰ লোকসকলৰ মাজত সীমাহীন আনন্দ দেখিবলৈ পোৱা গৈছে ।

২০২১ চনত দেশত মহামাৰীৰ দ্বিতীয় ঢৌ (Covid second wave) চলি থকাৰ সময়তে ধৰৰ কাডোডকলাৰ বাসিন্দা ৩০ বছৰীয়া কমলেশ পাতিদাৰ ক'ভিডত আক্ৰান্ত হৈছিল (Kamlesh Patidar of Dhar)। কমলেশক চিকিৎসাৰ বাবে বৰোদাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু কেইদিনমান চিকিৎসা চলাৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষই কৈছিল যে হাঁওফাঁওত সংক্ৰমণ বিয়পি পৰাৰ ফলত কমলেশৰ মৃত্যু হৈছিল । চিকিৎসালয়খনে কমলেশৰ পৰিয়ালক মৃত্যুৰ খবৰ দিয়াৰ সময়ত মহামাৰীৰ সংক্ৰমণ শীৰ্ষত আছিল । যাৰ বাবে, পৰিয়ালৰ সদস্যসকলক মৃতদেহটো চাবলৈ আৰু স্পৰ্শ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল ।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰায় ২০-২৫ ফুট দূৰৰ পৰাই পৰিয়ালৰ সদস্যসকলক মৃতদেহটো দেখুৱাই কমলেশৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছিল । পৰিয়ালৰ লোকে আনকি মৃতদেহটো সঠিকভাৱে চিনাক্ত বা নিশ্চিত কৰিবও পৰা নাছিল । সেই সময়ত তেওঁলোকে কেৱল বিশ্বাস কৰি লৈছিল যে কমলেশৰ মৃত্যু হৈছে । কমলেশৰ মৃত্যুৰ পাছত গোটেই পৰিয়ালটো শোকত ভাগি পৰিছিল । তেওঁৰ পত্নীয়েও বিধৱাৰ সাজ পৰিধান কৰিছিল ।

কিন্তু ১৫ এপ্ৰিলত অৰ্থাৎ শনিবাৰে কমলেশে ধৰৰ চৰ্দাৰপুৰৰ বদভেলী গাঁৱত থকা মোমায়েকৰ ঘৰত উপস্থিত হয় (Man cremated two years ago returns alive)। কমলেশক জীৱিত অৱস্থাত দেখি মোমায়েক হতবাক হৈ পৰে । তাৰ পাছতে কমলেশে তেওঁৰ সৈতে সংঘটিত হোৱা গোটেই ঘটনাটো বৰ্ণনা কৰে । পৰৱৰ্তী সময়ত মোমায়েকে কমলেশৰ পিতৃলৈ ফোন কৰে আৰু তেওঁ উভতি অহাৰ কথা কয় । প্ৰথমে পৰিয়ালৰ লোকসকলে বিশ্বাস কৰা নাছিল । কিন্তু পাছত কমলেশৰ সৈতে পৰিয়ালৰ লোকসকলে ভিডিঅ' কলত কথা পাতে । লগে লগে পৰিয়ালৰ লোকসকলে কমলেশক ঘৰলৈ নিবলৈ চৰ্দাৰপুৰত উপস্থিত হয় ।

ইফালে কমলেশে তেওঁৰ সৈতে সংঘটিত ঘটনাৰ বৰ্ণনা কৰি কয় যে প্ৰায় ৫-৭ জন লোকে তেওঁক অপহৰণ কৰি লৈ গৈছিল । দলটোৱে তেওঁক গুজৰাটৰ আহমেদাবাদত বন্দী কৰি ৰাখিছিল । কমলেশক অচেতন কৰি ৰাখিবলৈ বিশেষ ঔষধৰ বেজী দিছিল বুলিও তেওঁ উল্লেখ কৰে । শুকুৰবাৰে অপহৰণকাৰীয়ে কমলেশক লৈ আহমেদাবাদৰ পৰা আন কোনো ঠাইলৈ এখন গাড়ীৰে গৈ আছিল । কমলেশে গোপনে বাহনখনৰ ট্ৰাংকত বহিছিল । যেতিয়া তেওঁলোকে আহাৰ গ্ৰহণ কৰিবলৈ এখন হোটেলত ৰৈছিল এই সময়তে কমলেশে গাড়ীৰ পৰা ওলাই আহি ওচৰতে লুকাই আছিল ।

কমলেশে জনোৱা মতে তেওঁ পাছত আহমেদাবাদৰ পৰা ইন্দোৰলৈ এখন বাছত উঠিছিল আৰু তাৰ পৰা বাছযোগে আহি ধৰৰ বদভেলীত থকা মোমায়েকৰ ঘৰত উপস্থিত হৈছিল । কমলেশক সাক্ষাতৰ পাছতে পৰিয়ালৰ লোকে চৰ্দাৰপুৰ থানাৰ আৰক্ষীক অৱগত কৰিছে । যিহেতু কমলেশ কাডোডকলাৰ বাসিন্দা সেয়ে কানৱান আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হয় । কিন্তু প্ৰশ্ন হয় কমলেশ যিহেতু জীয়াই আছে তেনেহ'লে অন্ত্যেষ্টিক্ৰিয়া কৰা মৃতদেহটো আচলতে কাৰ আছিল ?

লগতে পঢ়ক :Femina Miss India 2023: ৰাজস্থানৰ ১৯ বছৰীয়া নন্দিনী গুপ্তাই ঘৰলৈ আনিলে ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ মুকুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.