ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jan 4, 2021, 3:01 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা

অসমত আহি উপস্থিত বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন শৰ্মা ৷ দেওবাৰে পাণ্ডা আৰু শৰ্মা অসমত আহি উপস্থিত হয় ৷ সোমবাৰৰ পৰা দুই নেতাই আগন্তুক 2021 ৰ নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে উজনি অসম অভিযান ৷

চিকিৎসকবিহীন পৰিত্যক্ত অৱস্থাত থকা লখিমপুৰৰ এখন হাস্পতাল

লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত নাই কোনো চিকিৎসক, নাৰ্চ ৷ শীঘ্ৰেই হাস্পতালখনত চিকিৎসক, নাৰ্চক নিযুক্তি দিয়াৰ বাবে দাবী জনাইছে ফুলবাৰীবাসীয়ে ।

ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰে কৰা বাৰ্তালাপ অনুষ্ঠান, গণতন্ত্ৰ দিৱসৰ পেৰেড, শকুন্তলা দেৱীৰ এক দুৰ্লভ ভিডিঅ' DD নেশ্যনেলযোগে সম্প্ৰচাৰিত অনুষ্ঠানে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২০২০ বৰ্ষত সমগ্ৰ বছৰটোতে ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ অনুষ্ঠান উপভোগ কৰিছে ।

ৰঙাপৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙাপৰাত ৰঙাপৰা-বালিপৰা সংযোগী পথৰ ওপৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ভূমি মুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ এই অভিযান ৷ ৰঙাপৰা-বালিপৰা সংযোগী পথটিৰ কাষেৰে যোৱা উপ পথটি ঠেক হোৱাৰ বাবে সৃষ্টি হোৱা যান-জঁটৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ এই অভিযান ৷

অনুসূচীত জাতিৰ বাবে কেন্দ্ৰৰ ৫৯ হাজাৰ কোটিটকীয়া পেকেজ : গুৰুজ্যোতি দাস

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তুংগত উঠিছে ৰাজ্যৰ ৰাজনীতি ৷ সোমবাৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে এক সংবাদমেল অনুষ্ঠিত কৰি অনুসূচীত জাতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৫৯ হাজাৰ কোটি টকাৰ নতুন পেকেজ ঘোষণা কৰাৰ কথা সদৰী কৰে ৷

ক'ভিড প্ৰতিষেধকৰ তৃতীয় ক্লিনিকেল ট্ৰায়েলৰ বাবে ডিছিজিআইৰ সন্মতি লাভ জাইদাছ কেছিলাৰ

ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে দেওবাৰে এক বিবৃতিত কয়, "ক’ভিড 19ৰ বাবে দেশৰ প্ৰথমটো দেশীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা ডিএনএ ভেকচিন জাইকোভ-ডিৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে সন্মতি প্ৰদান কৰিছে ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই ৷"

2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

2022 চনত প্ৰকাশ পাব এঘাৰটা ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান ৷ বড়ো, তিৱা, কাৰ্বি , দেউৰী, ডিমাচা, ৰাভা, গাৰো আৰু মিচিং মুঠ 8 টা ভাষাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাতো প্ৰকাশ পাব এই বহুভাষিক অভিধানখন ৷

স্বামীক হত্যা কৰি তিনি সন্তানসহ মহিলাৰ আত্মহত্যাৰ চেষ্টা

আমাডাণ্ডা ডোংগৰাপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী 35 বছৰীয়া মহিলাই স্বামীৰ মূৰত লাঠীৰে প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত 3 সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলায় ৷

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত উৰিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা

সোমবাৰৰ পৰা ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ হ’ব ভাৰতৰ ৷ 2021 বৰ্ষৰ প্ৰথম কাৰ্যদিৱসৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা কাউঞ্চিলৰ বাহিৰত থকা ৰাষ্ট্ৰীয় পতাকাস্থলীত উৰিল ভাৰতৰ পতাকা ৷

বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষকৰ কাষত ৰিপুন বৰা

নগাঁৱৰ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকৰ কাষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ দিল্লীৰ কৃষক আন্দোলনৰ দৰে তীব্ৰ আন্দোলন কৰিবলৈ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক আহ্বান ৰিপুন বৰাৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.