ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 29, 2020, 3:03 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

অন্ত পৰিল কোভিড 19 প্ৰতিষেধকৰ সম্পৰীক্ষা ৷ শোণিতপুৰৰ 5 টা স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষণমূলক কাৰ্য ৷

ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ

প্ৰমোদ ভ্ৰমণৰ উদ্দেশ্যেৰে অসমত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে উপস্থিত হৈছে ইখনৰ পৰা সিখনকৈ অসমৰ পৰ্যটনস্থলীত ৷

উত্তৰ-পূৱ ৰেলৱে'ৰ 370 ষ্টেচনলৈ বিনামূলীয়া Wi-Fi সেৱা

উত্তৰ-পূৱ ৰেলৱে'ৰ 370টা ষ্টেচনলৈ বৰ্তমানলৈকে বিনামূলীয়া Wi-Fi সেৱা প্ৰদান কৰিছে ভাৰত চৰকাৰে ৷ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই সুবিধা ৷

অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত অসমটো সোমবাৰৰ পৰা আৰম্ভ হৈছে কৰ'ণা প্ৰতিষেধকৰ পৰীক্ষণ প্ৰক্ৰিয়া ৷ নলবাৰী আৰু শোণিতপুৰ জিলাত দ্বিতীয় দিনাৰ বাবে আৰম্ভ হৈছে এই পৰীক্ষণ ৷ নলবাৰী জিলাত ৫৬৭১ গৰাকী লোকক প্ৰথম পৰ্যায়ত কৰ'ণা ভেকচিন প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

30 ডিচেম্বৰত চৰকাৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক

30 ডিচেম্বৰত নতুন কৃষি আইন সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বৈঠকৰ প্ৰস্তাৱত সন্মতি আগবঢ়াইছে প্ৰতিবাদী কৃষকসকলে ৷

কাশ্মীৰৰ প্ৰায়বোৰ অঞ্চলতে আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত

মঙলবাৰৰ পৰা কাশ্মীৰৰ প্ৰায়বোৰ অঞ্চলতে আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত ৷ শ্ৰীনগৰত মঙলবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে তুষাৰপাত ৷ তুষাৰপাতে পৰ্যটন ক্ষেত্ৰখনৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ কাশ্মীৰ উপত্যকাত পৰ্যটন আৰু ব্যৱয়ায়ে নৱবৰ্ষৰ সন্ধিয়াৰ পৰা গতি লাভ কৰিব বুলি আশা কৰিছে ৷

চট্টিশগড়ত নিহত দুই মহিলা নক্সালবাদী

চট্টিশগড়ত ডান্টেৱাডা হোৱা এক এনকাউন্টাৰত দুগৰাকী মহিলা নক্সালবাদীৰ মৃত্যু ৷ দুয়োগৰাকীৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ ৷ নিহত নক্সালবাদী দুগৰাকীক আয়তে মান্দাভি আৰু ভিজ্জে মাৰাকাম বুলি চিনাক্ত কৰা হৈছে ৷

গুৱাহাটীৰ চ'ছলত ক’ভিড 19 চাফাই কৰ্মীৰ হুংকাৰ

মঙলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যৰ ক’ভিড 19 চাফাইকৰ্মী সকলে ৷ কৰ’ণা মহামাৰীৰ পয়োভৰৰ সময়ত চকৰিত নিযুক্তি দিয়া চাফাইকৰ্মী সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ চাফাইকৰ্মী সকলৰ ৷

ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

অভিনেতা ৰজনীকান্তৰ ইউ টাৰ্ণ ৷ ৰাজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত ৰজনীকান্তৰ ৷ মঙলবাৰে অভিনেতা গৰাকীয়ে এই কথা ঘোষণা কৰে ৷ স্বাস্থ্যজনিত কাৰণত ৰাজনৈতিক দল গঠন নকৰাৰ সিদ্ধান্ত অভিনেতা গৰাকীৰ ৷

হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ ডিজিটেল টীমত নিযুক্তি ভাৰতৰ আয়েশা শ্বাহৰ ৷ কাশ্মীৰত জন্মগ্ৰহণ কৰা আয়েশা শ্বাহ হোৱাইট হাউছৰ ডিজিটেল ৰণনীতি কাৰ্যালয়ৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.