খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ
বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় পথাৰত দুহাতেৰে সজাই দুজন যুৱকে বাস্তৱ ৰূপ দিছে সেউজীয়া সপোনক ৷ লখিমপুৰৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দুই যুৱকৰ নাম ক্ৰমে বৰগঞা বালি গাঁৱৰ শিক্ষিত যুৱক দুলেন বড়ি আৰু সান্তনা পায়েং ৷খেতি কৰিয়েই দুয়ো যুৱকে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷
কোভিড ১৯: দেশত ২৪,৩৩৭ গৰাকীৰ দেহত নতুনকৈ কৰ’ণাৰ অৱস্থিতি
ভাৰতত বৰ্তমানলৈকে ১,০০,৫৫,৫৬০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷
নগাঁৱৰ ঐতিহাসিক চাপানালা পৰ্যটন ক্ষেত্ৰত নাই পৰ্যটকৰ ভিৰ
ৰাজ্যৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ এটি হ’ল নগাঁৱৰ চাপানালা ৷ কিন্তু এইবেলি কৰ‘ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ এই পৰ্যটন ক্ষেত্ৰখনত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা ৷
বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ
80 বছৰীয়া এগৰাকী বৃদ্ধ ৷বয়সে মানুহজনক আঁচোৰ মাৰিছে যদিও মনটো দুৰ্বল কৰিব পৰা নাই ৷ বৰপেটা জিলাৰ সৰভোগৰ ৰজনীকান্ত ৰায়ে উজনি অসম ভ্ৰমণ কৰাৰ উদ্দেশ্যে চাইকেলখনক লগৰী কৰি লৈ ভ্ৰমণ কৰিছে ইখনৰ পিছত আনখন জিলা ৷
টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ
ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদকো নেওচি পূৰ্ণোদ্যমে চলিছে বৃহৎ নদীবান্ধৰ কাম ৷ সোমবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা সোৱণশিৰিলৈ টাৰ্বাইন কঢ়িয়াই নিয়ে 8 খনকৈ ট্ৰেইলাৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় টাৰ্বাইনসমূহ ৷
পাৰম্পৰিক বৌদ্ধ সাহিত্য,শাস্ত্ৰৰ বাবে লাইব্ৰেৰী স্থাপনৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে লাইব্ৰেৰীৰ গৱেষণা নিৰ্দেশনাত বৌদ্ধৰ বাৰ্তাৰ জৰিয়তে আধুনিক বিশ্বক সমকালীন প্ৰত্যাহ্বানক নেওচি কেনেদৰে আগুৱাই যাব পাৰি সেয়া পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ।
কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্তিৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ
বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী ৷ কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে 12 ঘন্টীয়া অনশন ৷ বৰাক উপত্যকাৰ তিনিওখন জিলাত অনশনত বহিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সকল ৷
গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি
সোমবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি লাল সিং আৰ্য ৷ দিল্লীৰ পৰা বিমান যোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জাতি মৰ্চাৰ কৰ্মীসকলে আদৰণি জনায় সভাপতিগৰাকীক ।
আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত নতুন কৃষি আইন সন্দৰ্ভত আলোচনা কৰিবলৈ নিমন্ত্ৰণ কেন্দ্ৰ চৰকাৰৰ । ৰাজধানীস্থিত বিজ্ঞানভৱনত আলোচনাত মিলিত হ'বলৈ নিমন্ত্ৰণ কৃষক সংঘক ।