তেজপুৰ, ২৯ মে': সোমবাৰে নিশা মণিপুৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah to visit Manipur)। তাৰ পূৰ্বে যোৱা নিশা মণিপুৰৰ চেকন এলেকাত সেনাৰ হাতত আটক তিনি দুৰ্বৃত্ত । অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে সেনাই আটক কৰে দুৰ্বৃত্ত কেইজনক (3 miscreants apprehended in Manipur)।
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে ইম্ফল পূব জিলাৰ চিটী কনভেচন কেন্দ্ৰৰ এলেকাত নিৰাপত্তা বাহিনীৰ ওপৰত সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ চলাব বুলি সেনাই এক গোপন তথ্য লাভ কৰিছিল । এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত সেনাই অঞ্চলটোত কটকটীয়া নিৰাপত্তা গঢ়ি তোলে । লগতে বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰে ।
তালাচীৰ সময়তে সেনাই ৪ গৰাকী যাত্ৰীৰ সৈতে এখন সন্দেহজনক বাহন প্ৰত্যক্ষ কৰে । দুৰ্বৃত্তকেইটাই বাহনৰ পৰা নামি কলনিৰ উপপথলৈ পলায়নৰ চেষ্টা কৰিছিল । অৱশ্যে সেনা বাহিনীয়ে তিনিওজনকে আটক কৰিবলৈ সক্ষম হয় । সেনাৰ এই পদক্ষেপৰ দ্বাৰা অঞ্চলটোক কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে ।
দুৰ্বৃত্তকেইটাৰ পৰা সেনাই মেগজিনৰ সৈতে এটা ইনচাছ ৰাইফল, ৬০ ৰাউণ্ডৰ ৫.৫৬ এমএম গুলী, এটা চীনা হেণ্ড গ্ৰেনেড আৰু এটা ডিটোনেটৰ উদ্ধাৰ কৰে (Miscreants detained with arms in Manipur)। অস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে তিনিওটা দুৰ্বৃত্তক পাছত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় । উল্লেখ্য যে, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে বিভিন্ন স্থানত সশস্ত্ৰ দুৰ্বৃত্ত সক্ৰিয় হৈ উঠিছে । যাৰ বাবে মণিপুৰ চৰকাৰে ৰাজ্যখনত অতিৰিক্ত বাহিনী মোতায়েন কৰিছে ।
লক্ষণীয়ভাৱে সোমবাৰে গৃহ মন্ত্ৰী নিজেই ৰাজ্যখন ভ্ৰমণ কৰিব । ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে গৃহ মন্ত্ৰীগৰাকীয়ে মণিপুৰ ভ্ৰমণ কৰিব । ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে সাধাৰণ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰিব । গৃহ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেনা আৰু অসম ৰাইফলছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
লগতে পঢ়ক :Manipur violence : মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি, ৰাষ্ট্ৰপতিক সাক্ষাতৰ ঘোষণা কংগ্ৰেছৰ