নেচনেল ডেস্ক,28 ফেব্ৰুৱাৰী: প্ৰেংক ভিডিঅ' আপলোড কৰি মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে তিনি গৰাকী যুৱক ৷ কেইগৰাকীমান ছোৱালীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক কেইজনে ছোৱালী কেইগৰাকীক ৰাজহুৱা স্থানত আপত্তিজনকভাৱে স্পৰ্শ কৰা বুলি ছোৱালী কেইগৰাকীয়ে অভিযোগ দাখিল কৰিছিল ৷
ছোৱালী কেইগৰাকীয়ে অভিযোগ কৰে যে যুৱক কেইজনে কোনো ভিডিঅ' তৈয়াৰ কৰাৰ বাবে ছোৱালীকেইগৰাকীক প্ৰেংক কৰিছিল ৷ পাছত সেই ভিডিঅ' ফেচবুক আৰু ইউ টিউবত আপলোড কৰিছিল ৷ ছোৱালী কেইগৰাকীক ৰাজহুৱা স্থানত আপত্তিজনকভাৱে স্পৰ্শ কৰি ভিডিঅ' তৈয়াৰ কৰি সামাজিক মাধ্যমত আপলোড কৰা বুলি এক অভিযোগ পোৱাৰ পাছতে চাইবাৰ শাখাই অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰে ৷
মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে ভিডিঅ' কেইটাত অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে আৰু এই ভিডিঅ' সমূহৰ জৰিয়তে যুৱক কেইজনে 2 কোটিৰো অধিক উপাৰ্জন কৰিছে ৷
আৰক্ষীৰ অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত মিলিন্দ ভাৰাম্বেয়ে ধন ঘটাৰ বাবে এনে উপায় অৱলম্বন কৰাৰ পৰা যুৱ প্ৰজন্মক আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে এনে ভিডিঅ'ৰ জৰিয়তে উৎপীড়নৰ বলি হোৱা অন্য ভুক্তভোগী সকলকো মুম্বাই আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: ত্ৰিপুৰাৰ আমাবাছাত দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰত ট্ৰাক চালকৰ মৃত্যু