ETV Bharat / bharat

ওড়িশাত প্ৰৱল বৃষ্টিপাত: প্ৰায় ১৯ লাখ লোক প্ৰভাৱিত - চৰকাৰী সূত্ৰৰ মতে মহানদী নদী আৰু জলকা নদীৰ পানীৰ স্তৰ বিভিন্ন ঠাইত বৃদ্ধি হৈছে

নেৰানেপেৰা বৰষুণৰ ফলত ওড়িশাৰ ১১ খন জিলাৰ ২,৭৮৯ খন গাঁৱৰ ১৯.৫৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । এতিয়ালৈ ৰাজ্যখনত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । পুনৰ ভয়ংকৰ বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ ।

Odisha heavy rainfalls
ওড়িশাত প্ৰৱল বৃষ্টিপাত
author img

By

Published : Sep 14, 2021, 1:48 PM IST

নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : দেশৰ ভিন্ন প্ৰান্তত প্ৰচুৰ বৰষুণৰ ফলত প্ৰভাৱিত হৈছে বহু অঞ্চল । ওড়িশাৰ ভিন্ন প্ৰান্ততো শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ইয়াৰ মাজতে ওড়িশাবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ ।

ৰাজ্যখনত ১৭ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই সোমবাৰে এই কথা সদৰি কৰে । তেওঁ জনোৱা মতে বংগোপসাগৰৰ (Bay of Bengal) ওপৰত নিম্ন চাপৰ ফলত ৰাজ্যখনে আন এক তীব্ৰ বৃষ্টিপাতৰ সন্মুখীন হ'ব ।

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ওড়িশাৰ ১১ খন জিলাৰ ১৯.৫৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । বিশেষ সাহাৰ্য আয়ুক্তৰ (SRC) কাৰ্যালয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন অনুসৰি নেৰানেপেৰা বৰষুণৰ ফলত ১১ খন জিলাৰ ২,৭৮৯ খন গাঁৱৰ ১৯.৫৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ।

১১ খন জিলা হৈছে কালাহাণ্ডি, কন্ধমাল, কোৰাপুট, কটক, জাজপুৰ, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ঢেঙ্কানাল, খোৰধা আৰু আংগুল । চৰকাৰী তথ্য অনুসৰি পাঁচখন প্ৰভাৱিত জিলাৰ নিম্ন অঞ্চলৰ পৰা ৩,৮১৯ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ আনহাতে, ক্ষতিগ্ৰস্ত ৯ খন জিলাত ২৬৫ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।

প্ৰতিবেদন অনুসৰি সোমবাৰে ৰাজ্যখনত তিনিগৰাকী লোকৰ মৃত্যু হয় । দেৱাল খহি পৰাৰ ফলত কেন্দ্ৰপাৰাত দুগৰাকী আৰু বানত মৃত্যু হয় খোৰধা জিলাৰ এজন লোকৰ ।

নেৰানেপেৰা বৰষুণৰ ফলত ওড়িশাৰ মুখ্য নদীবোৰ ওফন্দি উঠিছে । চৰকাৰী সূত্ৰৰ মতে মহানদী নদী আৰু জলকা নদীৰ পানীৰ স্তৰ বিভিন্ন ঠাইত বৃদ্ধি হৈছে । পুৰী, খোৰধা, কটক, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ঢেঙ্কানাল, নয়াগড়, সম্বলপুৰ, দেওগড়, অনুগুল, চোনপুৰ আৰু বৰগড়ৰ সকলো বিদ্যালয় দুদিনৰ বাবে বন্ধ ৰখা হৈছে ।

লগতে পঢ়ক :প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.