ETV Bharat / bharat

Illegal coal mine collapse near Dhanbad : ঝাৰখণ্ডৰ কয়লা খনিত অঘটন, ৩ জন লোকৰ মৃত্যু - 3 death in Jharkhand Illegal coal mine

অবৈধ কয়লা খনি খহি পৰাৰ ফলত ৩ জন লোকৰ মৃত্যু (3 death in Jharkhand Illegal coal mine)। বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ । প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত ।

Illegal coal mine collapse near Dhanbad
ঝাৰখণ্ডৰ কয়লা খনিত অঘটন
author img

By

Published : Jun 9, 2023, 5:32 PM IST

নেশ্যনেল ডেস্ক,৯ জুন : ঝাৰখণ্ডৰ ধনবাদত শোকাৱহ ঘটনা । অবৈধ কয়লা খনিত সংঘটিত এক দুৰ্ঘটনাত তিনিগৰাকী লোকৰ মৃত্যু (3 death in Jharkhand Illegal coal mine)। বহুলোক আবদ্ধ হোৱাৰ আশংকা কৰা হৈছে । ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে শুকুৰবাৰে ঝাৰখণ্ডৰ ভৌৰা কলিয়াৰী অঞ্চলত এটা অবৈধ কয়লা খনি খহি পৰাৰ ফলতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । এগৰাকী বিষয়াই জনোৱা মতে কয়লা খনি খহি পৰাৰ ফলত তিনিজন লোক নিহত হোৱাৰ বিপৰীতে বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । ঘটনাটো ধনবাদৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত ভাৰত কোকিং কোল লিমিটেডৰ (বিচিচিএল) ভৌৰা কলিয়াৰী এলেকাত সংঘটিত হৈছে (Illegal coal mine collapse near Dhanbad)। পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত হয় এই ঘটনাটো ।

ছিন্দ্ৰিৰ উপ আৰক্ষী অধীক্ষক অভিষেক কুমাই কোৱা মতে উদ্ধাৰকাৰী দল ঘটনাস্থলী উপস্থিত হৈছে । তেওঁলোকে উদ্ধাৰ অভিযানো আৰম্ভ কৰিছে । অৱশ্যে অভিযানৰ পাছত হে নিহত আৰু আহত বা আবদ্ধ লোকৰ সঠিক সংখ্যা জানিব পৰা যাব । এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে অবৈধ কয়লা খনিটো খহি পৰাৰ সময়ত বহুতো স্থানীয় লোক অবৈধ খননত নিয়োজিত হৈ আছিল ।

ইফালে ভৌৰা আৰক্ষী থানাৰ পৰিদৰ্শক বিনোদ ওৰাওনে সংবাদ মাধ্যমক জনোৱা মতে স্থানীয় লোকসকলৰ সহায়ত উদ্ধাৰকাৰী দলে তিনিজন লোকক ধ্বংসাৱশেষৰ পৰা উলিয়াই আনিছে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ অভিযান এতিয়াও চলি আছে । মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে ৰাইজে ।

উল্লেখ্য যে ৰাজ্যখনৰ কেইবাটাও স্থানত এই ধৰণৰ অবৈধ কয়লা খনি আছে (Illegal coal mine in Jharkhand)। য'ত পূৰ্বেও বহু দুৰ্ঘটনা সংঘটিত হৈছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । প্ৰশাসনৰ চকুৰ সন্মুখতে অবৈধ কয়লা খনিবোৰ চলি আছে ।

লগতে পঢ়ক :Odisha train tragedy : ভাঙি পেলোৱা হ'ব মৰ্গ হিচাপে ব্যৱহাৰ কৰা ওড়িশাৰ বাহানাগাৰ বিদ্যালয়খন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.