আগৰতলা, 27 ছেপ্টেম্বৰ: মঙলবাৰে ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত আম্বাছাত কাঞ্চনজঙা এক্সপ্ৰেছৰ পৰা তিনিজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে ভাৰতীয় ৰে’ল আৰক্ষীয়ে (3 Bangladeshis arrested for trying to enter india illegally)৷ বেংগালুৰুলৈ গৈ থকা অৱস্থাত ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী তিনিজনক ৷ বাংলাদেশী তিনিজন ৰুবেল, মঃ আকবৰ মোল্লা আৰু মঃ হালিম বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।
মঃ হালিমে তেওঁৰ পত্নী আৰু সন্তানক দুবছৰ পূৰ্বে উপাৰ্জনৰ বাবে বাংগালুৰুলৈ পঠিয়াইছিল ৷ এইবাৰ হালিমে ৰুবেল আৰু আকবৰ মোল্লা নামৰ আন দুজন লোকৰ সৈতে যোৱা নিশা পাছপ’ৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ পাছত ৰাতিপুৱা প্ৰায় চাৰি বজাত অট’ৰে আগৰতলা ৰে’ল ষ্টেচনলৈ যায় ।
তাৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছৰে( Kanchanjunga Express) বেংগালুৰুলৈ যোৱাৰ পৰিকল্পনা আছিল বুলি প্ৰাথমিক জেৰাত জানিবলৈ পোৱা গৈছে ৷ কিন্তু গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় ভাৰতীয় ৰে’ল আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, ত্ৰিপুৰাৰ সৈতে চুবুৰীয়া দেশ বাংলাদেশৰ ৮৫৬ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰা হৈছে ।