নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: শনিবাৰৰে পৰা ৰাজধানী দিল্লীত দুদিনীয়াকৈ আৰম্ভ হোৱা G20 সন্মিলনৰ সামৰণি পৰিব দেওবাৰে । এই সন্মিলনত অংশগ্ৰহণ কৰে বিভিন্ন দেশৰ বহু নেতাই ৷ বৃহৎ ভাৰত মণ্ডপমত আয়োজিত হৈছে এই সন্মিলন ।
G20 সন্মিলনৰ 10 ছেপ্টেম্বৰৰ সম্পূৰ্ণ সূচী -
পুৱা 8.15 বজাৰ পৰা 9 বজালৈ: সুকীয়া সুকীয়াকৈ ৰাজঘাটত উপস্থিত হ’ব নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বী ।
পুৱা 9.00-9.20 বজালৈ: ইয়াৰ পিছত নেতাসকলে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি আগবঢ়াব । ইয়াৰ উপৰিও মহাত্মা গান্ধীৰ প্ৰিয় ভক্তিমূলক গীতৰ লাইভ পৰিৱেশন কৰা হ’ব ।
পুৱা 9.20 বজাত: নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বী ভাৰত মণ্ডপমৰ লিডাৰ্ছ লাউঞ্জলৈ আগবাঢ়িব ।
পুৱা 9.40 বজাৰ পৰা 10.15 বজালৈ: ভাৰত মণ্ডপমত নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বীৰ আগমন আৰম্ভ হ’ব ।
পুৱা 10.15-10.30 বজালৈ: ভাৰত মণ্ডপামৰ দক্ষিণ প্লাজাত বৃক্ষৰোপণৰ আয়োজন কৰা হ’ব ।
পুৱা 10.30-12.30 বজালৈ: ‘এক ভৱিষ্যত’ নামৰ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনখন অনুষ্ঠানস্থলীত অনুষ্ঠিত হ’ব, তাৰ পিছত দিল্লীৰ নেতাসকলৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হ’ব ।
প্ৰথম দিনটোত কি হ’ল-
পুৱা 9.30 বজাৰ পৰা 10.30 বজালৈ: শীৰ্ষ সন্মিলনস্থলী ভাৰত মণ্ডপমত নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বী উপস্থিত হোৱাৰ লগে লগে কাৰ্যসূচী আৰম্ভ হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি নেতাসকলক আদৰণি জনায় ৷
পুৱা 10.30 বজাৰ পৰা 1.30 বজালৈ: ভাৰত মণ্ডপামৰ সন্মিলন হলত ‘এক পৃথিৱী’ শীৰ্ষক প্ৰথম অধিৱেশনখন অনুষ্ঠিত হয়, তাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হয় ।
দুপৰীয়া 1.30 বজাৰ পৰা 3.30 বজাৰ ভিতৰত: বিভিন্ন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় ।
বিয়লি 3.30 বজাৰ পৰা 4.45 বজালৈ: দ্বিতীয় অধিৱেশন ‘এটা পৰিয়াল’ অনুষ্ঠিত হয় ।
সন্ধিয়া 5.30 বজাত: প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিলে গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স ।
সন্ধিয়া 5.45 বজাত: প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি বাইডেন, ছৌদি ৰজা প্ৰিন্স মহম্মদ বিন ছালমান আৰু ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপৰ মাজত অৰ্থনৈতিক কৰিড’ৰৰ কথা ঘোষণা কৰে ।
সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ ভিতৰত: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে আয়োজন কৰা ভাৰত মণ্ডপমত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে উপস্থিত হয় নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বী । উপস্থিত হোৱাৰ লগে লগে আদৰণি ফটোৰে কাৰ্যসূচী আৰম্ভ হয় ।
নিশা 8 বজাৰ পৰা 9 বজালৈ: ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত নেতাসকলে মত বিনিময় কৰে ।
নিশা 9 বজাৰ পৰা 9.45 বজালৈ: ভাৰত মণ্ডপমত উপস্থিত নেতা আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকল হৈ নিজৰ হোটেললৈ উভতি আহে ।
লগতে পঢ়ক: Earthquake hits Morocco : ভূমিকম্পত নিহত 2 হাজাৰৰো অধিক; সহায় আগবঢ়াবলৈ সাজু ভাৰত