নিউজ ডেস্ক, ১৭ জানুৱাৰী : বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত (BJP National executive) দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে (BJP President JP Naddas Term Extended by 1 Year) । বিজেপিয়ে প্ৰকাশ কৰিছে যে এই বছৰটো সদস্যপদৰ বছৰ । 6 বছৰত দলটোৰ সদস্যপদৰ নৱীকৰণ কৰাৰ নিয়ম আছে । কিন্তু কৰোনা মহামাৰীৰ কাৰণে সদস্যতা অভিযান চলোৱা হোৱা নাছিল । বিজেপিৰ কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হৈছে যে জে পি নাড্ডাই ২০২৪ চনৰ জুনলৈকে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থাকিব (JP Nadda remain president till 2024) ।
মন কৰিবলগীয়া যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) জে পি নাড্ডাৰ সভাপতিত্বতেই প্ৰতিদ্বন্দ্বিতা কৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) কয় যে জে পি নাড্ডাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে বহুতো ৰাজ্যত নিৰ্বাচনত জয়লাভ কৰিছে । তেওঁৰ নেতৃত্বত গুজৰাটত দলৰ বিজয় অতুলনীয় । দলটোৱে উত্তৰ প্ৰদেশ আৰু গোৱাতো জয়লাভ কৰিছে । ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো দলটোৰ প্ৰদৰ্শন উন্নত হৈছে ।
এই প্ৰসংগত অমিত শ্বাহে কয় যে জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উপস্থাপন কৰে । এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় । তেওঁ কয় যে বিজেপি হৈছে দেশৰ আটাইতকৈ বেছি গণতান্ত্ৰিক দল । ২০২৩ চনত ৯ খন ৰাজ্যত বিধানসভা আৰু ২০২৪ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰেই পৰিপ্ৰেক্ষিতত নাড্ডাজীৰ কাৰ্যকাল বৃদ্ধিৰ বাবে এটা প্ৰস্তাৱ গৃহণ কৰি তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয়, "তেওঁৰ ৰাষ্ট্ৰীয় অধ্যক্ষতাত আমি বিহাৰত আৰু মহাৰাষ্ট্ৰত পুনৰ চৰকাৰ গঠন কৰিছোঁ । বংগত ব্যৱধান 3-ৰ পৰা 77 খন আসনৰ সংখ্যা বৃদ্ধি হৈছে আৰু তামিলনাডুতো ই ক্ৰমান্বয়ে আগবাঢ়িছে । গুজৰাটত ১৫৬ খন আসনেৰে অভিলেখ জয় সাব্যস্ত কৰা হৈছে । নাড্ডাজীৰ নেতৃত্বত সংগঠনটোক আগবঢ়াই নিয়াত আৰু মোডীজীৰ জনপ্ৰিয়তা আগবঢ়াই নিয়াত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছে ।"
উল্লেখ্য, সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক (BJP national executive in Delhi) । আগন্তুক বৰ্ষত লোতসভা নিৰ্বাচন আৰু চলিত বৰ্ষত ৯ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যনিৰ্বাহক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে সৰ্বভাৰতীয় আৰু আঞ্চলিক পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়ক :Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা নাই দেৱব্ৰত শইকীয়াৰ