ETV Bharat / bharat

26/11 Mumbai attacks : ভাৰত-পাকিস্তানৰ সম্পৰ্কত পৰিৱৰ্তন অনাৰ এক কাৰণ

২০০৮ চনৰ ২৬ নৱেম্বৰ । সমগ্ৰ ভাৰতৰ বাবে এটা অভিশপ্ত দিন । ২০০৮ চনৰ ২৬ নৱেম্বৰতে মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ (26/11 Mumbai attacks) ত প্ৰাণ হেৰুৱাইছিল ১৬৬ জন লোকে । দক্ষিণ মুম্বাইৰ ৰে'ল ষ্টেচন, হাস্পতাল, হোটেল আদিত শুনা গৈছিল কেৱল মৃত্যুৰ কিৰিলি । পাকিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতত প্ৰৱেশ কৰি ১০টা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ একাধিক গুৰুত্বপূৰ্ণ স্থানত চলাইছিল আক্ৰমণ (Terrorists attacks in Mumbai) ।

Mumbai attacks
২০০৮ৰ মুম্বাই আক্ৰমণ
author img

By

Published : Nov 26, 2021, 11:06 AM IST

Updated : Nov 26, 2021, 12:21 PM IST

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : আজি ১৩ বছৰ হ'ল ২৬/১১ মুম্বাই আক্ৰমণৰ (26/11 Mumbai attacks) । এতিয়াও কালিকালগা দিনটোৰ কথা পাহৰিব পৰা নাই ভাৰতবাসীয়ে । অভিশপ্ত দিনটোৰ কথা ভাৱিলে এতিয়াও কঁপি উঠে বুকু । সন্ত্ৰাসবাদীৰ গুলীয়ে বুকু ভেদিছিল নিৰীহৰ(Terrorists attacks in Mumbai) । তেজেৰে ৰাঙলী হৈছিল ৰে'ল ষ্টেচনৰ প্লেটফৰ্ম, হোটেল, কেফে ।

এই ভয়াৱহ আক্ৰমণে চিৰদিনৰ বাবে সলনি কৰি দিছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক (India-Pakistan relations after Mumbai attacks)। এই আক্ৰমণৰে জড়িত অপৰাধীৰ শাস্তিৰ বাবে পাকিস্তানক দাবী জনাই আহিছে ভাৰতে । কিন্তু পাকিস্তানে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে । উল্লেখ্য যে, ২০০৮ চনৰ নৱেম্বৰ মাহত ১০টা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ একাধিক গুৰুত্বপূৰ্ণ স্থানত চলাইছিল আক্ৰমণ (Terrorists attacks in Mumbai) ।

মেচিন গান আৰু গ্ৰেণেডেৰে কৰা আক্ৰমণত মুঠ ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছিল (Mumbai terrorist attack of 2008) । ইয়াৰ ভিতৰত আছে নিৰাপত্তা বাহিনীৰ ১৮ জন জোৱান । আনহাতে, বহু লোক গুৰুতৰভাৱে আহত হৈছিল এই ভয়াৱহ আক্ৰমণত ।

তেতিয়াৰে পৰাই, ভাৰতে দাবী কৰি আহিছে যে এই আক্ৰমণ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্যই চলাইছিল আৰু এই আক্ৰমণৰ পৰিকল্পনা কাৰাচীৰ পৰা কৰা হৈছিল (Lashkar-e-Taiba attacks in Mumbai) । ভাৰতে এই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানক দিছে । লগতে সন্ত্ৰাসবাদী সংগঠনটো আৰু আক্ৰমণৰ আঁৰত থকা হাফিজ মহম্মদ চৈয়দ আৰু জাকিউৰ ৰহমান লাখৱীকে ধৰি নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতে পাকিস্তানক দাবী জনাই আহিছে । কিন্তু, পাকিস্তানে ব্যৱস্থা গ্ৰহণ কৰাত এতিয়াও গুৰুত্ব দিয়া নাই ।

আনকি এই নিষিদ্ধ ঘোষিত সংগঠনসমূহৰ নেতাসকলক পাকিস্তানৰ আদালতে বাৰে বাৰে ক্লিন শ্বীট দিছে । কিন্তু ভাৰতে পাকিস্তানক যোগান ধৰা তথ্য, প্ৰমাণ অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনৰ নেতাসকল আক্ৰমণৰ সৈতে জড়িত হৈ আছিল । পাকিস্তানৰ চৰকাৰে কৈ আহিছে যে, এই সন্দৰ্ভত আদালতে দিয়া নিৰ্দেশ অনুসৰি কাম কৰা হ'ব । সেই ভয়ংকৰ আক্ৰমণৰ এটা দশক সম্পূৰ্ণ হোৱাৰ পিছতো সেই ক'লা দিনটোৰ স্মৃতিয়ে এতিয়াও নিহত লোকসকলৰ পৰিয়ালক আতংকিত কৰি ৰাখিছে ।

আনহাতে, এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে, ২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণে দুয়োখন দেশৰ নাগৰিকৰ পৰস্পৰৰ প্ৰতি সামগ্ৰিক দৃষ্টিভংগী সলনি কৰিছে । কাৰণ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, আনহাতে পাকিস্তানে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে । দুয়োখন দেশৰ মাজত আলোচনাৰ প্ৰসংগ উত্থাপন হ'লে পাকিস্তানে কাশ্মীৰ বিবাদক শীৰ্ষত ৰাখে আৰু ভাৰতে ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ডসকলক শাস্তি প্ৰদানৰ বিষয় আলোচনা কৰাত গুৰুত্ব দিয়ে ।

সেই আক্ৰমণৰ পিছৰে পৰা পাকিস্তান আৰু ভাৰত সীমান্তত সংঘৰ্ষ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । দুয়োপক্ষই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, আশ্ৰয় আৰু সুবিধা প্ৰদান কৰাৰ বাবে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ তুলি আহিছে । আনহাতে, মুম্বাই আক্ৰমণত প্ৰিয়জনক হেৰুওৱা লোকসকলে এতিয়াও ন্যায়ৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক:Violence in Tripura Civic body election : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

Last Updated : Nov 26, 2021, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.