আগৰতলা, 26 মে': 27 মে'ৰ পৰা ত্ৰিপুৰাত বলবৎ হ'ব 24 ঘন্টীয়া কৰ'ণা কাৰ্ফিউ ৷ ৰাজ্যখনত ইতিপূৰ্বে কেৱল নগৰাঞ্চলসমূহত জাৰি থকা কাৰ্ফিউৰ পৰিৱৰ্তে এইবাৰ সমগ্ৰ ৰাজ্যজুৰি কাৰ্ফিউ জাৰি কৰাৰ প্ৰস্তাৱত ত্ৰিপুৰা কেবিনেটে অনুমোদন জনাইছে ৷ সেই অনুসৰি 27 মে' ৰ পৰা ৰাজ্যখনত নিষেধাজ্ঞাসমূহ কাৰ্যকৰী হ'ব ৷ উল্লেখ্য যে, কৰ'ণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত অন্তিমখন নিষেধাজ্ঞামূলক নিৰ্দেশনা 17 মে'ত জাৰি কৰা হৈছিল ৷ উক্ত নিৰ্দেশনা যিহেতু 26 মে'লৈকে অব্যাহত থাকিব, সেয়ে 26 মে'ৰ পিছদিনা অৰ্থাৎ 27 মে'ৰ পৰাই নতুন নিৰ্দেশনা কাৰ্যকৰী হ'ব ৷
![24 hours corona curfew in tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-curfew_26052021013346_2605f_1621973026_66.jpg)
ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা কেবিনেট মুখপাত্ৰ ৰতন লাল নাথে কয় যে, ৰাজ্যৰ আন বহু ৰাজ্যতকৈ পৰিস্থিতি তূলনামূলকভাৱে ভাল হ'লেও ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক কেবিনেটে কাৰ্ফিউ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷ তেওঁ কয় যে, "ক'ভিড-19 ৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰাৰ বাবে 5 জুনলৈকে ৰাজ্যিক কেবিনেটে কাৰ্ফিউ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷ অৱশ্যে পাচলি, মাছ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ পুৱা 6 বজাৰ পৰা বিয়লি 12 বজালৈ চলিবলৈ অনুমতি দিয়া হ'ব ৷ এইবাৰৰ কাৰ্ফিউ গ্ৰাম্য অঞ্চলক সামৰি সমগ্ৰ ৰাজ্যতে জাৰি কৰা হ'ব ৷ চৰকাৰী বাহনৰ বাদে অন্যান্য সকলো যান-বাহনৰ চলাচলো সীমিত কৰা হ'ব ৷"
এইবাৰ চৰকাৰে কোনো ধৰণৰ সুযোগ ল'ব বিচৰা নাই আৰু ৰাজ্যজুৰি ঘোষণা কৰা কাৰ্ফিউ চহৰাঞ্চলৰ লগতে গ্ৰাম্যাঞ্চলতো সমানে প্ৰযোজ্য হ'ব বুলি জানিবলৈ দি নাথে লগতে কয় যে, "ৰাইজৰ জীৱন সুৰক্ষিত কৰাৰ উদ্দেশ্যে এইবাৰ আৰু অধিক কঠোৰ পদক্ষেপ লোৱা হৈছে ৷ 27 মে' ৰ পৰা সমগ্ৰ ৰাজ্য কাৰ্ফিউৰ অধীনত থাকিব ৷ 26 মে'ত সকলোবোৰ পূৰ্বৰ দৰেই থাকিব ৷ পুৱা 6 বজাৰ পৰা 12 বজাৰ ভিতৰত দোকান চলোৱাৰ বাবে অনুমতি দিয়া হৈছে ৷" উল্লেখ্য যে, শেষ নিশা বিতং নিৰ্দেশনাৰ সৈতে এক ছয় পৃষ্ঠাজোৰা নিৰ্দেশনা জাৰি কৰা হৈছিল ৷"
লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা