নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰী: মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ উৰণ তালুকৰ কৰঞ্জা দ্বীপৰ নৌসেনা ঘাটি শিবিৰৰ পৰা সন্ধানহীন নৌ সেনা বিষয়া বিশাল মহেশ কুমাৰ(Naval base camp in uran) ৷ বিগত চাৰিদিন ধৰি বিষয়াগৰাকী সন্ধানহীন হৈ থকাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিষয়াগৰাকীৰ পৰিয়ালৰ লোকে(Navy Officer Missing) । বিশাল মহেশ কুমাৰৰ পৰিয়ালে নৌসেনাৰ পৰা কোনো সঠিক সহযোগিতা লাভ নকৰাৰ অভিযোগ কৰি তেওঁ সন্ধানহীন হোৱাৰ আঁৰত গভীৰ ৰহস্য থকাৰ সন্দেহ ব্যক্ত কৰিছে ৷
উল্লেখ্য যে, বিগত ৩ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে নৌসেনা বিষয়া বিশাল মহেশ কুমাৰ ৷ উৰাণ চহৰৰ নৌসেনা বেছ কেম্পত চুইমিং পুলত সাঁতুৰিবলৈ অহাৰ সময়ত হঠাতে নিৰুদ্দেশ হয় মহেশ কুমাৰ । আনহাতে এই সন্দৰ্ভত নৌসেনাই কোনো ধৰণৰ সঠিক প্ৰত্যুত্তৰ দিয়া নাই বুলি অভিযোগ উঠিছে । বিশাল মহেশ কুমাৰৰ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে ।
বিশালে নৌসেনাত ৰান্ধনী হিচাপে কৰ্মৰত হৈ আছিল ৷ বিশাল সন্ধানহীন হোৱা চাৰিদিন উকলি যোৱাৰ পাছতো নৌসেনাৰ তৰফৰ পৰা কোনো অভিযোগ দাখিল নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ।
তদুপৰি নৌসেনা শিবিৰৰ চুইমিং পুলৰ বাহিৰত থকা বিশালৰ মটৰ চাইকেলখন নৌসেনাৰ বিষয়াই লৈ যোৱাক লৈও প্ৰশ্ন উত্থাপন হৈছে (Naval base camp at Karanja Island) ৷ তেওঁ পৰিয়ালৰ লোকে বিশালৰ বিষয়ে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ বিভাগটোৰ কৰ্তৃপক্ষই অনিহা প্ৰকাশ কৰাৰ অভিযোগ উঠিছে ৷
বিশালৰ নিৰুদ্দেশ হোৱাৰ পিছত মুখ্য বিষয়া আৰু বিশালৰ বন্ধুসকল হঠাতে ছুটিত যোৱাক লৈও সন্দেহ ব্যক্ত কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ? বিশাল নিৰুদ্দেশ হোৱাৰ চাৰিদিন ওকলি যোৱাৰ পাছতো নৌসেনাই তেওঁ সন্দৰ্ভত কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ এই সন্দেহ অধিক ঘনীভূত হৈছে (Navy officer parents demand high level inquiry) ৷ বিশালৰ পৰিয়ালৰ লোকে সোনকালে তেওঁ ঠিকনা বিচাৰি উলিয়াবলৈ আহ্বান জনাইছে অন্যথা তেওঁলোকে আত্মহনন কৰা ভাবুকি দিয়ে ৷
লগতে পঢ়ক : Himachal assembly election: জে পি নাড্ডাৰ মতে পৰিয়ালৰ নামত ভোট বিচাৰিছে কংগ্ৰেছে