ETV Bharat / bharat

দেশৰ ৰাজধানী দিল্লী এতিয়া অক্সিজেনৰ তীব্ৰ সংকটত

author img

By

Published : Apr 24, 2021, 9:05 PM IST

অক্সিজেনৰ তীব্ৰ সংকটত দেশৰ ৰাজধানী দিল্লী ৷ দিল্লীৰ জয়পুৰ গ’ল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত গুৰুতৰভাৱে অসুস্থ ২১ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ শনিবাৰে পুৱা 10:45 বজালৈ চিকিৎসালয়খনত জমা আছিল মাত্ৰ আধা ঘণ্টাৰ অক্সিজেন ৷

21-critically-ill-patients-die-in-delhis-jaipur-golden-hospital-amid-oxygen-scarcity etv bharat news
অক্সিজেনৰ তীব্ৰ সংকটত দেশৰ ৰাজধানী দিল্লী

নেচনেল ডেস্ক, 24 এপ্ৰিল : অক্সিজেনৰ তীব্ৰ সংকটত এতিয়া দেশৰ ৰাজধানী দিল্লী ৷ কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ ফলত দিল্লীত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ ৰাতিটোৰ ভিতৰতে দিল্লীৰ জয়পুৰ গ’ল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত গুৰুতৰভাৱে অসুস্থ ২১ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ সংবাদমেল যোগে চিকিৎসালয়খনৰ সঞ্চালক ডাঃ ডি কে বালুজাই কয় যে শনিবাৰে পুৱা 10:45 বজালৈ চিকিৎসালয়খনত মাত্ৰ আধা ঘণ্টাৰ অক্সিজেন বাকী আছিল । কেইবা ঘণ্টা পলমকৈ মাজনিশা অক্সিজেনৰ অন্তিমটো ৰিফিল লাভ কৰিছিল । ইয়াৰ পিছত অক্সিজেন ক’ৰ পৰা আহিব কোনেও একো প্ৰতিশ্ৰুতি দিয়া নাই বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে ৷

চিকিৎসালয়খনত বৰ্তমান ২০০ ৰো অধিক ৰোগী আছে ৷ ইয়াৰে ৮০ শতাংশ ৰোগী অক্সিজেনৰ সহায়ত জীয়াই আছে ৷ তাৰোপৰি প্ৰায় 35 জন ৰোগী আইচিইউত ভৰ্তি হৈ আছে ৷ চিকিৎসালয় কৰ্তৃপক্ষই অক্সিজেন সংকটৰ বিষয়ে সতৰ্কবাণী উত্থাপন কৰি কেজৰিৱাল চৰকাৰক সহায়ৰ বাবে আবেদন জনাই ৷ চিকিৎসালয়খনত মৃতকৰ আত্মীয়ই যাতে একেলগে আহি ভিৰ কৰি হুলস্থুলৰ পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাকি শুকুৰবাৰে নিশা 11 বজাৰ পৰা চিকিৎসালয় কৰ্তৃপক্ষই মৃতকৰ আত্মীয়সকলক ক্ৰম অনুসৰি অৱগত কৰিবলৈ আৰম্ভ কৰিছিল ।

উল্লেখ্য যে, মৃতকৰ এজন আত্মীয়ই চিকিৎসাৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰি বিষয়টো সন্দৰ্ভত চিবিআই তদন্ত বিচাৰিছে ৷ ইফালে, দিল্লী উচ্চ ন্যায়ালয়েও বিষয়টো সন্দৰ্ভ যথেষ্ট সৰৱ হোৱা দেখিবলৈ পোৱা যায় ৷ কেন্দ্ৰীয়, ৰাজ্যিক অথবা স্থানীয় প্ৰশাসনৰ কোনো বিষয়াক যদিহে অক্সিজেন পৰিবহণ বা যোগান ধৰাৰ সময়ত বাধা প্ৰদান কৰে, তেনে ক্ষেত্ৰত সেই ব্যক্তিজনক ফাঁচী পৰ্যন্ত দিয়া হ’ব বুলি দিল্লী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে ৷

লগতে পঢ়ক : শিৰদী সংস্থানক পৰীক্ষাগাৰ-অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.