নিউজ ডেস্ক, ২০ ডিচেম্বৰ: ২০২৩ চনৰ ৩ মে’ক মণিপুৰৰ ইতিহাসত ‘ক’লা দিৱস’ হিচাপে পৰিণত হৈছে ৷ উত্তৰ-পূব ৰাজ্যখনত ২০২৩ বৰ্ষত প্ৰথমবাৰৰ বাবে জাতিগত হিংসাৰ সৃষ্টি হৈছিল এইদিনটোত । মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ স্বীকৃতিৰ দাবীৰে জনজাতীয় সংহতি মৰ্চাই আহ্বান জনোৱা প্ৰতিবাদৰ সময়ত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় ।
সেয়া আছিল যেন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে । ইয়াৰ পিছত যি হ’ল সেয়া আছিল দেশৰ অন্যতম বৈচিত্ৰময় ৰাজ্যখনৰ ইতিহাসৰ এক অন্ধকাৰ কাহিনী । ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই আৰু ইম্ফল উপত্যকাত তেওঁলোকৰ বেছিভাগেই বাস কৰে ৷ আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলৰ জনসংখ্যা প্ৰায় ৪০ শতাংশ ৷ তেওঁলোকৰ বেছিভাগেই পাহাৰীয়া জিলাত থাকে ।
এই হিংসাই সমগ্ৰ জাতিটোৰ চকু কপালত তুলিছিল আৰু বিশেষকৈ সংঘাতপূৰ্ণ ৰাজ্যখনত দুগৰাকী মহিলাক ধৰ্ষণৰ পিচত বিবস্ত্ৰা কৰি পেৰেড কৰোৱা ঘটনাই সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মন-মগজুক জোঁকাৰি পেলাইছিল । প্ৰায় চাৰিমাহ ধৰি হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ লগতে পিছলৈ সংঘটিত বিক্ষিপ্ত ঘটনাৰ বাবে মণিপুৰ হৈ পৰিছিল বাতৰিৰ শিৰোনাম ।
মণিপুৰত হিংসাৰ ইতিহাস: মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনা এয়াই প্ৰথম নহয় । ১৯৯২ চনত নগা আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূচনা হৈছিল । তাৰ পিছত ১৯৯৭ চনত মণিপুৰ পুনৰবাৰ কুকি আৰু পাইটে সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সাক্ষী হৈ পৰে ।
মেইটেই সম্প্ৰদায়ৰ দাবী এটা দশক পুৰণি: মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতিৰ স্বীকৃতিৰ দাবী পুৰণি আৰু সম্প্ৰদায়টোৱে যোৱা ১০ বছৰ ধৰি ইয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে ।
এতিয়াও মণিপুৰ ভ্ৰমণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে: চিন্তা কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যেতিয়া ৰাজ্যখন জ্বলি আছিল আৰু বিৰোধী কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰিছিল, তেতিয়া তেওঁ সেই সকলোবোৰ দাবীৰ প্ৰতি যেন কাণ বন্ধ কৰি আছিল আৰু এতিয়ালৈকে তেওঁ মণিপুৰলৈ এবাৰো যোৱা নাই ।
যোৱা সময়ছোৱাত তেওঁ আন কেইবাখনো ঠাই ভ্ৰমণ কৰিছিল ৷ নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ প্ৰচাৰত সবল কণ্ঠস্বৰেৰে অংশগ্ৰহণ কৰিছিল ৷ আমেৰিকা, ইজিপ্ত, সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰিছিল ৷ আনকি জি-২০ শীৰ্ষ সন্মিলনৰো আয়োজন কৰিছিল যদিও এবাৰো মণিপুৰ ভ্ৰমণ কৰা নাছিল ৷ য’ত ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০ হাজাৰ লোক গৃহহাৰা হয় ৷ ইজৰাইল-হামাছৰ যুদ্ধত ইজৰাইলৰ বাবে চকুলো টোকা প্ৰধামন্ত্ৰী মোদীয়ে মণিপুৰৰ বাবে বক্তব্য দিবলৈও সময় নাপালে ৷
প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি নিয়োগ কৰে অমিত শ্বাহক: প্ৰধানমন্ত্ৰীয়ে সংঘাতজৰ্জৰ ৰাজ্যখন নিজে ভ্ৰমণ কৰাৰ পৰিৱৰ্তে বিভিন্ন পক্ষক সাক্ষাৎ কৰিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰতিনিধি হিচাপে নিয়োগ কৰে । বিশদ আলোচনাৰ অন্তত শ্বাহে হিংসা ৰোধৰ বাবে ৰাজ্যপালৰ নেতৃত্বত শান্তি সমিতি গঠনকে ধৰি ধাৰাবাহিক আলোচনাৰ ঘোষণা কৰে ।
ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ: আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে দলৰ প্ৰতিনিধি দলৰ নেতৃত্বত ৰাজ্যখন অস্থিৰ হৈ থকাৰ সময়তে ভ্ৰমণ কৰে । তিনিওখন সমিতি আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিকো সাক্ষাৎ কৰি সাহায্য শিবিৰ পৰিদৰ্শন কৰে ৰাহুলে ।
মণিপুৰ হিংসাৰ চিবিআই তদন্ত: ৰাজ্যখনত জাতিগত হিংসাৰ সৈতে জড়িত ২৭ টা প্ৰাৰম্ভিক অভিযোগৰ তদন্তৰ দায়িত্ব লৈছিল কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ’ চমুকৈ চিবিআয়ে । মণিপুৰ আৰক্ষীয়ে এই গোচৰসমূহ চিবিআইক গতাই দিয়ে । এই গোচৰসমূহৰ ভিতৰত আছিল মহিলাৰ বিৰুদ্ধে অপৰাধ, দলগতভাৱে অস্ত্ৰভাণ্ডাৰ লুটপাত আৰু হত্যা ।
কেন্দ্ৰীয় মন্ত্ৰী ঘৰত অগ্নিসংযোগ: ৰাজ্যখনত ব্যাপক হিংসাত্মক ঘটনাৰ মাজতে এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত ক্ষুব্ধ ৰাইজে অগ্নিসংযোগ কৰে । কেন্দ্রীয় মন্ত্রী আৰ কে ৰঞ্জন সিঙৰ ঘৰত আক্রমণ কৰি অগ্নিসংযোগ কৰে যদিও ঘৰটোত তেওঁৰ পৰিয়াল উপস্থিত নাছিল ৷ সেই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী ৰঞ্জন সিং কেৰালাত আছিল । কিন্তু মণিপুৰবাসী ইমানেই ক্ষোভিত আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা ‘মন কি বাত’ নামৰ অনুষ্ঠানৰ খণ্ডসমূহ সম্প্ৰচাৰ কৰি থকা সময়ত মণিপুৰৰ বিষয়ে উল্লেখ নকৰাত ৰেডিঅ’বোৰো ভাঙি জ্বলাই দি ক্ষোভ প্ৰকাশ কৰে । প্ৰতিবাদকাৰীসকলৰ মাজত থকা অসন্তুষ্টি আন বিভিন্ন ধৰণেও বিয়পি পৰিছিল ।
প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা ভংগ: মণিপুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মৌনতা ভংগ কৰিবলৈ সময় লাগিছিল ৭৮ দিন । নতুন দিল্লীত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমৰ আগত দিয়া বিবৃতিত মোদীয়ে কয় যে তেওঁৰ হৃদয়খন বেদনা আৰু ক্ষোভেৰে ভৰি আছে আৰু নাৰীক বিবস্ত্ৰা কৰি পেৰেড কৰা ঘটনাটো যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক ৷ প্ৰধানমন্ত্ৰীৰ মতে সমগ্ৰ ১৪০ কোটি ভাৰতীয়ই এনে কাৰ্যৰ বাবে অপমান আৰু লাজ অনুভৱ কৰিছিল ।
লোকসভাত কংগ্ৰেছৰ অনাস্থা প্ৰস্তাৱ: মণিপুৰত সংঘটিত হোৱা সমগ্ৰ ঘটনাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে দিয়া উত্তৰত বিৰোধীয়ে সন্তুষ্ট নহ’ল আৰু সংসদৰ দুয়োটা সদনতে (লোকসভা আৰু ৰাজ্যসভাত) অধিক বিশদ বিতৰ্ক আৰু আলোচনা বিচাৰিছিল ৷ য’ত উত্তপ্ত পৰিস্থিতিৰ বাবে একাধিকবাৰ সদন স্থগিত ৰখাৰ সাক্ষী হৈছিল সমগ্ৰ দেশ । ২৬ জুলাইত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল, যিটো পিছত নাকচ হৈছিল যদিও মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যাতে বিশদ উত্তৰ দিব পাৰে তাৰ বাবেই এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে বুলি গ্ৰেণ্ড অল্ড পাৰ্টিটোয়ে দৃঢ়তাৰে কয় ।
কেন্দ্ৰক লক্ষ্য ৰাহুল গান্ধীৰ: মণিপুৰৰ লগতে হাৰিয়ানাৰ দৰে আন ৰাজ্যত বিভাজনকাৰী ৰাজনীতি চলাইছে বুলি কৈ কেন্দ্ৰ আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে । "প্ৰথমে আপুনি মণিপুৰত কেৰাচিন ছটিয়াইছিল আৰু এতিয়া হাৰিয়ানাত কেৰাচিন ছটিয়াইছে । সমগ্ৰ দেশতে জুই জ্বলাইছে ।" বুলি কৈছিল ৰাহুলে ৷
অমিত শ্বাহৰ বিবৃতি: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দিওঁতে কয় যে কংগ্ৰেছে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত আলোচনা নিবিচাৰে আৰু কেৱল প্ৰতিবাদহে বিচাৰে ৷ তেওঁ জোৰ দি কয় যে মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে আৰু প্ৰতিৰক্ষা কৰ্মী আৰু এজন নিৰাপত্তা উপদেষ্টাক মণিপুৰলৈ প্ৰেৰণ কৰা হৈছিল । ৯ আগষ্টত গৃহমন্ত্ৰীয়ে সংসদত ১৫২ জন লোকৰ প্ৰাণ হেৰুওৱাৰ কথা অৱগত কৰিছিল ৷ ইয়াৰে ১০৭ জনৰ মে’ মাহত, ৩০ জনৰ জুন মাহত, ১৫ জনৰ জুলাই মাহত আৰু ৪ জনৰ মৃত্যু হৈছিল আগষ্ট মাহত । অমিত শ্বাহে লগতে কয় যে ৰাজ্যৰ জনগাঁথনি সলনি কৰাৰ উদ্দেশ্য নাই কেন্দ্রীয় চৰকাৰৰ ৷
কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ: যোৱা ১০ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দি কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূব ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে । সমগ্ৰ দেশ মণিপুৰৰ জনসাধাৰণৰ লগত আছিল আৰু মণিপুৰ যাতে দ্ৰুত গতিত উন্নয়নৰ পথত আগবাঢ়ি যায় তাৰ বাবে কোনো বাধা নাথাকিব বুলি মন্তব্য কৰে । তেওঁ কংগ্ৰেছৰ ওপৰতো তীব্ৰ আক্ৰমণ চলায় ।
১৪ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা মণিপুৰত যি পৰিস্থিতি বা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেয়াই ৰাজনৈতিক ৰূপ লৈছিল । ২০২৭ চনত মণিপুৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ইয়াৰ ওপৰত হিংসাত্মক পৰিস্থিতিৰ কি প্ৰভাৱ পৰিব সেয়া অনুমান কৰিব নোৱাৰি ৷ কিন্তু আশা কৰোঁ ২০২৪ চনত মণিপুৰ যাতে পুনৰ উত্তপ্ত নহয় আৰু এন বীৰেণ সিঙৰ নেতৃত্বত ৰাজ্যখনত শান্তি বিৰাজ কৰে ।