ETV Bharat / bharat

2022 Budget: শিক্ষাখণ্ডৰ পাঁচটা গুৰুত্বপূৰ্ণ Highlights - Union Finance Minister Nirmala Sitharaman

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে(Union Finance Minister Nirmala Sitharaman) তেওঁৰ বাজেট ভাষণত কয় যে, ক’ভিড-১৯ মহামাৰীৰ ফলত বিদ্যালয় সমূহ বন্ধ হোৱাত, বিশেষকৈ গ্ৰাম্য অঞ্চল, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিশু আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিশুসকলে প্ৰায় ২ বছৰৰ আনুষ্ঠানিক শিক্ষা হেৰুৱাব লগা হৈছে । তেওঁ উল্লেখ কৰে যে PM eVIDYA আচঁনিৰ ’এটা শ্ৰেণী-এটা টিভি চেনেল' (one class-one TV channel) কাৰ্যসূচীত পূৰ্বৰ ১২ ৰ পৰা ২০০ টা টিভি চেনেললৈ সম্প্ৰসাৰণ কৰা হ'ব ।

2022 Budget: শিক্ষাখণ্ডৰ পাঁচটা গুৰুত্বপূৰ্ণ Highlights

author img

By

Published : Feb 1, 2022, 8:09 PM IST

"মহামাৰীৰ বাবে বিদ্যালয়সমূহ বন্ধ হোৱাৰ ফলত, আমাৰ শিশুসকলে, বিশেষকৈ গ্ৰাম্য অঞ্চল, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শিশুসকলে প্ৰায় 2 বছৰৰ আনুষ্ঠানিক শিক্ষা হেৰুৱাব লগা হৈছে । এওলোকৰ অধিকাংশই চৰকাৰী বিদ্যালয়ৰ শিশু । সেয়েহে বৰ্তমান আমি পৰিপূৰক শিক্ষা প্ৰদান আৰু শিক্ষা প্ৰদানৰ বাবে এক স্থিতিস্থাপক প্ৰণালী গঢ়ি তোলাৰ প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰিছে । এই উদ্দেশ্যৰ বাবেই PM eVIDYA ৰ আচঁনিৰ এটা শ্ৰেণী-এটা টিভি চেনেল (one class-one TV channel) কাৰ্যসূচীত পূৰ্বৰ ১২ ৰ পৰা ২০০ টা টিভি চেনেললৈ সম্প্ৰসাৰণ কৰা হ'ব । ফলত সকলো ৰাজ্যতে ইয়াৰ জড়িয়তে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক আঞ্চলিক ভাষাত পৰিপূৰক শিক্ষা প্ৰদান কৰিব পৰা যাব ৷"

"বৃত্তিমূলক পাঠ্যক্ৰমত গুৰুত্বপূৰ্ণ চিন্তাৰ দক্ষতা বৃদ্ধি কৰিবলৈ, সৃষ্টিশীলতাক স্থান দিবলৈ, বিজ্ঞান আৰু গণিতত 750 টাকৈ ভাৰ্চুৱেল পৰীক্ষাগাৰ, আৰু সৰল শিক্ষণ পৰিৱেশৰ বাবে 75 টা দক্ষ ই-লেব 2022-23 বৰ্ষত স্থাপন কৰা হ'ব ।"

"ডিজিটেল মাধ্যমৰ শিক্ষকৰ দ্বাৰা ইণ্টাৰনেট, ম'বাইল ফোন, টেলিভিশ্যন আৰু ৰেডিঅ'ৰ জৰিয়তে সকলো কথিত ভাষাত উচ্চ মানদণ্ডৰ ই-সমল (e-content)সমূহ প্ৰদান কৰা হ'ব ৷"

"শিক্ষকসকলৰ দ্বাৰা গুণগত মানদণ্ডৰ ই-সমল(e-content)সমূহৰ বিকাশৰ বাবে এক প্ৰতিযোগিতামূলক প্ৰণালী স্থাপন কৰা হ'ব, যাতে তেওঁলোকক ডিজিটেল শিক্ষাদানৰ জড়িয়তে কৰ্মমূখী কৰা আৰু উন্নত শিক্ষণৰ ফলাফল সহজ কৰিব কৰা যায় ।"

"বিশ্বমানৰ মানদণ্ডৰ সাৰ্বজনীন শিক্ষাৰ বাবে দেশৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ দুৱাৰমুখত ব্যক্তিগতকৃত শিক্ষণৰ অভিজ্ঞতাৰে প্ৰৱেশৰ অধিকাৰ প্ৰদানেৰে এখন ডিজিটেল বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব । ইয়াক বিভিন্ন ভাৰতীয় ভাষা আৰু ICT মাধ্যমত উপলব্ধ কৰা হ'ব । বিশ্ববিদ্যালয়খনক এক হাব-স্পোকছ্ নেটৱৰ্ক যুক্ত ম’ডেলত নিৰ্মাণ কৰা হ’ব ৷ দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজহুৱা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহে হাব-স্পোকৰ নেটৱৰ্ক হিচাপে ইয়াত সহযোগিতা আগবঢ়াব ।"

লগতে পঢ়ক: #Budget2022 : ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.