ETV Bharat / bharat

2020ঃৰেনচমৱেৰৰ বৰ্ষ

author img

By

Published : Dec 29, 2020, 7:35 PM IST

মহামাৰীৰ এই সময়ছোৱাক চাইবাৰ অপৰাধী সকলে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছে ৷ বিভিন্নধৰণৰ দুৰ্নীতি বিয়পাই সাধৰাণ লোকৰ দুৰ্বলতাসমূহৰ সুবিধা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ মাজতে ‘ৰেনচমৱেৰ’ আক্ৰমণে পোখা মেলিছে ৷ বিশেষকৈ শিক্ষা প্ৰতিষ্ঠান আৰু ঔষধ প্ৰতিষ্ঠানসমূহ এই আক্ৰমণৰ বলি হৈছে ৷

2020:The Year of Ransomware
2020 - The Year of Ransomware

নিউজ ডেস্ক,29 ডিচেম্বৰ: চাইবাৰ সুৰক্ষা বিশেষজ্ঞ তথা ভাৰতীয় চাইবাৰ সুৰক্ষা সংস্থাৰ অধীক্ষক কৰ্ণেল ইন্দ্ৰজিত সিঙে কয়, 2020 বৰ্ষত ক’ভিড 19 মহামাৰীয়ে বিশ্বৰ সকলো ক্ষেত্ৰতে প্ৰবাৱ পেলাইছে ৷ পৃথক নহয় চাইবাৰ ক্ষেত্ৰ ৷ ক’ভিড 19 মহামাৰীয়ে কৰ্ম পৰিস্থিতিত এক লক্ষ্যমীয় পৰিৱৰ্তন আনিছে ৷ প্ৰতিষ্ঠানসমূহে কৰ্মচাৰীসমূহক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে ৷ আৰু ইয়াৰ ফলতেই চাইবাৰ অপৰাধীসকলে এই সমগ্ৰ ব্যস্থাটোক শোষম কৰিবলৈ সক্ষম হৈছে ৷

মহামাৰীৰ এই সময়ছোৱাক চাইবাৰ অপৰাধী সকলে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছে ৷ বিভিন্ন ধৰণৰ দুৰ্নীতি বিয়পাই সাধৰাণ লোকৰ দুৰ্বলতা সমূহৰ সুবিধা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ মাজতে ‘ৰেনচমৱেৰ’ আক্ৰমণে পোখা মেলিছে ৷ বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানসমূহ আৰু ঔষধ প্ৰতিষ্ঠানসমূহ এই আক্ৰমণৰ বলি হৈছে ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

চাইবাৰ অপৰাধী সকলে বিভিন্ন সামাজিক মঞ্চ যেনে ইউটিউব, টিক-টক, ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে ডেকা দৰ্শকক ‘মোবাইল এডৱেৰ’ৰ প্ৰতি আকৰ্ষণ কৰিছে ৷ চাইবাৰ অপৰাধীসকলে ‘ৰেনচমৱেৰ’ ব্যৱহাৰ কৰে ৷ ই মেলৱেৰৰ এনে এনে এবিধ ৰূপ যিয়ে ভুক্তভোগীৰ নথি-পত্ৰসমূহ এক নিৰ্দিষ্ট কোডৰ জৰিয়তে বন্ধ কৰি দিব পাৰে ৷ এবাৰ এই ‘ৰেনচমৱেৰ’ আপোনাৰ কম্পিউটাৰক আক্ৰমণ কৰিলে ই আপোনাৰ কম্পিউটাৰত থকা তথ্যসমূহ মুকলি কৰিবৰ বাবে এটি নিৰ্দিষ্ট কোড বিচাৰিব ৷ এই কোডৰ দ্বাৰাহে আপুনি তথ্যসমূহ পুনৰ মকলি কৰিব পাৰিব ৷ এই ‘ৰেনচমৱেৰ’ ছফ্টৱেৰৰ দ্বাৰা ভুক্তভোগীক কম্পিউটাৰক আক্ৰমণ কৰা এটি সহজ উপায় হ’ল মেইল প্ৰেৰণ কৰা আৰু মেইলৰ সৈতে attachments যুক্ত কৰা ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

চাইবাৰ অপৰাধী সকলে এই মেইলসমূহ বিশ্বাসযোগ্য ৰূপন উপস্থাপন কৰে ৷ এবাৰ ব্যৱহাৰকাৰীয়ে এই মেইল আৰু ইয়াৰ সৈতে যুক্ত হৈ থকা তথ্যসমূহ খুলি চালে আক্ৰমণকাৰীয়ে ভুক্তভোগীৰ কম্পিউটাৰৰ ওপৰত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ এই আক্ৰমণকাৰীসকলে এই তথ্যসমূহ পুনৰুদ্ধাৰ আৰু চুৰিকৰা তথ্যসমূহ মুকলি নকৰিবলৈ ‘ৰেনচম’ বিচাৰে ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগীয়ে দাবী কৰা ধন দিবলৈ অমান্তি হ’লে অপৰাধীসকলে Deepweb আৰু Darkweb ত পেজ তৈয়াৰ কৰি তাত এই তথ্যসমূহৰ কিছু অংশ মুকলি কৰি দিয়ে যাতে ভুক্তভোগীয়ে জানিব পাৰে তেঁওৰ কম্পিউটাৰৰ পৰা কেনেধৰণৰ তথ্য চুৰি হৈছে ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

আগৰ সময়ছোৱাত ‘ৰেনচমৱেৰ’ ব্যৱহাৰকাৰী অপৰাধীসকল কোডিঙত যথেষ্ট পাৰ্গত হোৱা প্ৰয়োজন আছিল ৷ কিন্তু বৰ্তমান সময়ত চাইবাৰ অপৰাধী সকল এইক্ষেত্ৰত তৃতীয় দলৰ প্ৰোগ্ৰামাৰৰ সৈতে কাম কৰে ৷ এই ধাৰণাটো ছফ্টৱেৰ-এজ-এ-চাৰ্ভিছতকৈ পৃথক নহয় ৷ বিভিন্ন সমস্যা সমাধানকাৰী ছফ্টৱেৰ সমূহৰ বিপৰীতে ৰেনচমৱেৰ-এজ-এ-চাৰ্ভিছে ইন্টাৰনেটৰ ছাঁত থাকে ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

এই ৰেনচমৱেৰে ব্যৱসায়ত প্ৰতিবছৰে কোটি টকাৰ খৰচ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি 2019 বৰ্ষৰ শেষলৈকে এই ছফ্টৱেৰৰ দ্বাৰা চাইবাৰ অপৰাধী সকলে ব্যৱসায়ীক ক্ষেত্ৰখনৰ পৰা 11.5 বিলিয়ন ডলাৰ লাভ কৰিছিল ৷ এই ৰেনচমৱেৰে 2020ত আৰু বিস্তৃতভাৱে প্ৰসাৰ লাভ কৰে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কোম্পানীৰ বাবে ই সন্ত্ৰাসত পৰিণত হৈ পৰে ৷ 2020ত এই সংখ্য 20 বিলিয়ন ডলাৰত উপস্থিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

চলিত বৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ মহমাৰী আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক মাহকেইটাত ৰেনচমৱেৰ আক্ৰমণ বৃদ্ধি পায় ৷ জানুৱাৰী-ফেব্ৰুৱাৰীৰ তুলনাত মাৰ্চ-এপ্ৰিল মাহত ৰেনচমৱেৰ আক্ৰমণ 20 শতাংশ বৃদ্ধি পায় ৷ চলিত বৰ্ষত প্ৰায় সংখ্যক ৰেনচমৱেৰ আক্ৰমণে হাস্পতালসমূহক লক্ষ্য কৰি লৈছে ৷ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ উপৰিও আন্তৰাষ্ট্ৰীয় ব্যৱসায়ীত প্ৰতিষ্ঠান ‘গাৰ্মিন’, ‘জেক ডেনিয়েলছ’ আৰু ‘ৰিটছ লণ্ডন’ আদিয়ো ৰেনচমৱেৰ আক্ৰমণৰ বলি হৈছে ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

2020 চনৰ জুনত 13 টাকৈ ৰেনচমৱেৰ অপৰাধ চিণ্ডিকেট চিনাক্ত কৰা হয় ৷ তৃতীয় ত্ৰিমাসিকৰ শেষলৈকে 67.3 মিলিয়ন Ryuk আক্ৰমণ ধৰা পেলোৱা হয় ৷ এই সংখ্যা 2020ৰ ৰেনচমৱেৰ আক্ৰমণৰ 33.7 শতাংশ ৷ আমোদজনকভাৱে Ryuk সম্পূৰ্ণভাৱে নতুন ৷ ইয়াক 2018 চনত উদ্ভাৱন কৰা হৈছিল ৷ ইয়াৰ উপস্থিতি 2020ত যথেষ্ট পৰিমাণে বৃদ্ধি পায় আৰু ই স্বাস্থ্যক্ষেত্ৰ খনত যথেষ্ট প্ৰভাৱ পেলায় ৷

2020:The Year of Ransomware
2020ঃৰেনচমৱেৰৰ বৰ্ষ

cybersecurity firm Covewareৰ শেহতীয়া ৰেনচমৱেৰ পৰিসংখ্যা অনুসৰি 2020 চনত তথ্য উলংঘন হোৱা প্ৰধান কাৰণসমূহ হ’ল-

REvil(চোডিনোকিবি)-ৰেনচমৱেৰ প্ৰ’গ্ৰাম যাক বিচাৰি উলিয়াবলৈ কঠিন ৷

Maze- তথ্য বিক্ৰীকৰিবলৈ ব্যৱহাৰ কৰা তথ্য চুৰি কৰা ৰেনচমৱেৰ ৷

Phobos- ৰেনচমৱেৰ, যি উৎপাদনশীল নথি-পত্ৰ বন্ধ কৰি ৰাখে ৷

আশ্বৰ্যজনকভাৱে LockBit আৰু Ragnar Locker এ Mazeৰ সৈতে একত্ৰিত হয় ৷ পৰৱৰ্তী সময়ত তিনিওটা দলেই Maze তথ্য প্ৰচাৰ কৰা চাইটৰ জৰিয়তে বিভিন্ন তথ্য চুৰি কৰাৰ লগতে প্ৰচাৰ চলাই গৈছিল ৷ Maze আৰু Sodinokibi অপাৰেটৰসমূহ চলিত বৰ্ষৰ ত্ৰিমাসিক পৰ্যন্ত অধিক সক্ৰিয় হৈ আছিল ৷ ইয়াৰ পিছতেই 2020ৰ 1 নৱেম্বৰত অৱসৰ ঘোষণা কৰে Maze ৰেনচমৱেৰে ৷

বৰ্তমান সময়ত এই ৰেনচমৱেৰ আক্ৰমণ ইমানেই সাধাৰণ হৈ পৰিছে যে, এতিয়া প্ৰতিদিনত কেইটা চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সেইয়া নিচেই নগণ্য ৷ এই সংখ্যা এতিয়া ছেকেণ্ডতেই পাৰ হয় ৷ প্ৰতি 14 ছেকেণ্ডত এটি নতুন প্ৰতিষ্ঠান ৰেনচমৱেৰৰ দ্বাৰা আক্ৰান্ত হয় ৷ 2021 লৈকে প্ৰতি 11 ছেকেণ্ডত এটি কোম্পানী এই চাইবাৰ আক্ৰমণৰ বলি হ’ব বুলি ধাৰণা কৰা হৈছে ৷

কৰ্ণেল ইন্দ্ৰজিতে কয় যে, ৰেনচমৱেৰ আক্ৰমণে কেৱল আৰ্থিকভাৱেই ধ্বংসলীলা নচলায় ৷ 2019 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত 764 গৰাকী স্বাস্থ্যসেৱা প্ৰদানকাৰী,113 টা চৰকাৰী প্ৰতিষ্ঠান,1,233 খন বিদ্যালয় আৰু বিশ্ববিদ্য়ালয়ে এই ৰেনচমৱেৰৰ বাবেই ক্ষন্তেক সময়ৰ বাবে কাম কৰা বন্ধ কৰি দিছে ৷ 2020 চনত হোৱা ৰেনচমৱেৰ আক্ৰমণৰ 73 শতাংশই সফল আছিল ৷

ৰেনচমৱেৰ আক্ৰমণে যথেষ্ট ক্ষতি কৰিছে ৷ আৰু এইয়া কেৱল ৰেনচমৱেৰ আক্ৰমণকাৰীৰ প্ৰদান কৰা অৰ্থৰ ক্ষেত্ৰতেই নহয় ৷ তেনে পৰিস্থিতিত 2021 বৰ্ষত চাইবাৰ আক্ৰণৰ আনুমানিক ব্যয় কি হ’ব ? সেইয়া সময়ে ক’ব ৷

লগতে পঢ়ক-ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.