ETV Bharat / bharat

2020 Delhi riots : দিল্লী সংঘৰ্ষৰ ১৩ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ দাখিলৰ নিৰ্দেশ - 2020 Delhi riots hearing

অতিৰিক্ত সত্ৰ ন্যায়াধীশ পুলাস্ত্য প্ৰমাচলাই ১৩ জন লোকৰ বিৰুদ্ধে মঙলবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰে । এই লোকসকলে ২৫ ফেব্ৰুৱাৰী, ২০২০ চনত দিল্লীৰ গৌতম বিহাৰ অঞ্চলত সংঘটিত দলবদ্ধ আক্ৰমণৰ ঘটনাত অভিযোগকাৰীসকলক তৰোৱাল আৰু অন্যান্য অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ আছিল (2020 Delhi riots case) ।

2020 Delhi riots
2020 Delhi riots
author img

By

Published : Jun 6, 2023, 8:39 PM IST

নিউজ ডেস্ক, ৬ জুন : দিল্লীৰ এখন আদালতে ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ এটা গোচৰত ১৩ জন অভিযুক্তৰ বিৰুদ্ধে সংঘৰ্ষ, অপৰাধমূলক ষড়যন্ত্ৰ আৰু হত্যাৰ চেষ্টাৰ অভিযোগ দাখিলৰ নিৰ্দেশ দিছে (2020 northeast Delhi riots) । অতিৰিক্ত সত্ৰ ন্যায়াধীশ পুলাস্ত্য প্ৰমাচলাই ১৩ জন লোকৰ বিৰুদ্ধে মঙলবাৰে এটা গোচৰৰ শুনানি গ্ৰহণ কৰে । এই লোকসকলে ২৫ ফেব্ৰুৱাৰী, ২০২০ চনত দিল্লীৰ গৌতম বিহাৰ অঞ্চলত সংঘটিত দলবদ্ধ আক্ৰমণৰ ঘটনাত অভিযোগকাৰীসকলক তৰোৱাল আৰু অন্যান্য অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ আছিল (2020 Delhi riots case) ।

ন্যায়াধীশগৰাকীয়ে কয় যে অপৰাধমূলক ষড়যন্ত্ৰ, সংঘৰ্ষ, বে-আইনী সমাবেশ, হত্যাৰ চেষ্টা আৰু ৰাজহুৱা কৰ্মচাৰী আদেশ অমান্য কৰাৰ অপৰাধৰ বাবে এই অভিযুক্ত ব্যক্তিকেইজনৰ বিৰুদ্ধে পূৰ্বতেই গোচৰ আছিল (2020 Delhi riots hearing) । "মূৰটো হৈছে শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু প্ৰতিজন বিচক্ষণ ব্যক্তিৰ সাধাৰণ জ্ঞানে এইটো ক'ব যে ইয়াত কৰা যিকোনো আঘাতৰ ফলত মৃত্যু হ'ব পাৰে... এনে জ্ঞানেৰে এইটো ক'ব পাৰি যে যদি এজন ব্যক্তিক তৰোৱালৰ দৰে অস্ত্ৰ বা চোকা আন সামগ্ৰীৰে একাধিকবাৰ মূৰত আক্ৰমণ কৰা হয়, তেন্তে আইপিচি ধাৰা ৩০৭ (হত্যাৰ চেষ্টা)ৰ অধীনত এটা অপৰাধৰ গোচৰ ৰুজু কৰাত কোনো সন্দেহ থাকিব নোৱাৰে ।" ন্যায়াধীশগৰাকীয়ে ৩ জুনত প্ৰদান কৰা এক আদেশত এনেদৰে কৈছিল (2020 Delhi riots) ।

আদালতৰ সন্মুখত দাখিল কৰা চিচি টিভি ফুটেজ আৰু সাক্ষীৰ বিবৃতিসহ প্ৰমাণৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয়, "মই দেখিছোঁ যে এই গোচৰৰ সকলো অভিযুক্ত ব্যক্তিয়ে হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ কৰাকে ধৰি এটা উমৈহতীয়া উদ্দেশ্যৰে এক বে-আইনী সমাবেশৰ আয়োজন কৰিছিল ।" এই উমৈহতীয়া উদ্দেশ্যটো সফল কৰিবলৈ তেওঁলোকে এটা অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত জনতাই অভিযোগকাৰীক খেদিছিল আৰু আক্ৰমণ কৰিছিল । ন্যায়াধীশগৰাকীয়ে লগতে কয় ।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ প্ৰমাচলাই কয় যে আদালতে স্বীকাৰ কৰে যে ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ পোৱাৰ সম্ভাৱনা কম । আৰু সেয়েহে তেওঁলোকে অভিযুক্ত ব্যক্তিসকলৰ আচৰণৰ ওপৰত ভিত্তি কৰি অনুমান কৰে যে এনে আচৰণৰ আঁৰৰ সম্ভাৱ্য কাৰণ হৈছে ষড়যন্ত্ৰ । "শ্লোগানৰ ধৰণ আৰু এই ব্যক্তিসকলে গ্ৰহণ কৰা আক্ৰমণৰ ধৰণৰ পৰা এটা স্পষ্ট ধাৰণা এৰি দিয়ে যে এই আক্ৰমণৰ এটাই লক্ষ্য আছিল আৰু সেয়া হৈছে হিন্দু সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি লোৱা ।" ন্যায়াধীশগৰাকীয়ে কয় ।

লগতে পঢ়ক :Assam Arunachal Border Firing : ধেমাজিৰ গুলীচালনা ঘটনাত অভিযুক্ত ৫ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.