ETV Bharat / bharat

চলিত বৰ্ষত জম্মু-কাশ্মীৰত ২০০ সন্ত্ৰাসবাদী নিহত - ভাৰতীয় সেনা

ভাৰতীয় সেনা, অৰ্ধ সামৰিক বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষীৰ গুলীত চলিত বৰ্ষৰ জুন মাহত আটাইতকৈ বেছি সন্ত্ৰাসবাদী ধৰাশায়ী হৈছে। বিগত বৰ্ষৰ তুলানত এই বৰ্ষত প্ৰায় দুগুণ সন্ত্ৰাসবাদী নিহত হৈছে । ৪৯ টা সন্ত্ৰাসবাদী নিহত হৈছে যোৱা জুন মাহত ।

চলিত বৰ্ষত জম্মু-কাশ্মীৰত ২০০ সন্ত্ৰাসবাদী ধৰাশায়ী

author img

By

Published : Nov 2, 2020, 8:37 PM IST

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ : জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে চলিত বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ ২০০ সদস্যক হিংসাৰ পথ বাচি লোৱাৰ বাবে উচিত শিক্ষা দিছে । বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত নিৰাপত্তা বাহিনীয়ে ১৫৭টা সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিছে ।

নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিশেষভাৱে ভাৰতীয় সেনা, অৰ্ধ সামৰিক বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষীৰ গুলীত চলিত বৰ্ষৰ জুন মাহত ৪৯ টা সন্ত্ৰাসবাদী নিহত হৈছে । গোটেই বছৰৰ ভিতৰত জুন মাহতে সন্ত্ৰাসবাদীৰ মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি হৈছে । এই পৰিসংখ্যা বিগত বৰ্ষৰ তুলনাত প্ৰায় দুগুণ । ইয়াৰ মাজতে এপ্ৰিলত জম্মু-কাশ্মীৰত ২৮টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। জুলাই আৰু আক্টোবৰ মাহত ২১টা সন্ত্ৰাসবাদী নিহত হৈছে।

প্ৰকাশিত তথ্য মতে, দক্ষিণ কাশ্মীৰত আটাইতকৈ বেছি সংঘৰ্ষ হৈছে আৰু অক্টোবৰ পৰ্যন্ত ১৩৮টা সন্ত্ৰাসবাদী নিহত হৈছে । শ্ব'পিয়ান আৰু পুলৱামাৰ দৰে অঞ্চলত সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি কৰোৱা ৯৮ জন যুৱকৰ তথ্য় পোৱা গৈছে । ভাৰতীয় সুৰক্ষা বলে পাক সেনাৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ ৭২টা সন্ত্ৰাসবাদী ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে ।

গোপন সূত্ৰৰ তথ্য অনুসৰি, পাকিস্তান আই এছ আই আৰু সেনাৰ শীৰ্ষ নেতাৰ সৈতে পাকিস্তানত অনুষ্ঠিত এখন বৈঠকত হিজবুল মুজাহিদিনক জম্মু-কাশ্মীৰত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আৰু স্থানীয় লোকক হত্যা কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল । এইদৰে, জম্মু-কাশ্মীৰত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে লস্কৰ-ই তৈবাৰ ৫৯টা সন্ত্ৰাসবাদীক মৃত্য়ুৰ বাট দেখুৱাইছে । ইছলামিক ষ্টেটসহ আন সংগঠনৰ মুঠ ৩২টা সন্ত্ৰাসবাদী চলিত বৰ্ষত নিহত হৈছে ।

লগতে পঢ়ক:বিয়াঘৰৰ আটচবাজীত আহত হ’ল 5 টা শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.