ETV Bharat / bharat

ক’লা ধন(Black Money)ৰ গোচৰত কেৰালাত আটক 20 জন - ক’লা ধন

কেৰালাত ক'লা ধনৰ গোচৰ(BLACK MONEY CASE)ৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ২০ জন অভিযুক্তক । সোমবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে(Pinarayi Vijayan) । এই গোচৰৰ তদন্তৰ সময়ত কেইবাগৰাকীও বিজেপি নেতাক প্ৰশ্ন কৰে বিশেষ তদন্তকাৰী দলে ।

20 persons arrested in connection with Kodakara black money case
কেৰালাত ক'লা ধনৰ গোচৰত ২০ জনক গ্ৰেপ্তাৰ
author img

By

Published : Jun 7, 2021, 10:11 PM IST

নেশ্যনেল ডেস্ক, ৭ জুন : ক'ডাকাৰা ক'লা ধনৰ গোচৰ সন্দৰ্ভত এতিয়ালৈকে ২০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । বিশেষ তদন্তকাৰী দলৰ তীক্ষ্ণ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি নেতা । সোমবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে(Pinarayi Vijayan) বিধানসভাত এই কথা প্ৰকাশ কৰে । তেওঁ জানিবলৈ দিয়ে যে, "ক'ডাকাৰা গোচৰৰ তদন্তৰ অংশ হিচাপে ৯৬ জন সাক্ষীৰ জবানবন্দী লোৱা হৈছে । প্ৰায় ২০ জন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে ।

মুঠ লুণ্ঠন কৰা ৩.৫ কোটি টকাৰ ভিতৰত ১.১২ কোটি টকা ৩৪৭ গ্ৰাম ওজনৰ সোণৰ গহনা, মোবাইল ফোন আৰু ঘড়ী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে । অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই সামগ্ৰীবোৰ আৰক্ষীয়ে জব্দ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বৰ্তমান এই গোচৰৰ তদন্ত পূৰ্ণ গতিত চলি আছে । এই বিষয় সন্দৰ্ভত কংগ্ৰেছ বিধায়ক শ্বফি পৰমবিলে উত্থাপন কৰা স্থগিতৰ জাননীৰ উত্তৰত সদনত তেওঁ এই তথ্য দাঙি ধৰে ।

গোচৰটোৰ বিষয়ে বিৱৰণ দি মুখ্যমন্ত্ৰী বিজয়নে কয় যে, যোৱা ৩ এপ্ৰিলত গোচৰটো প্ৰথমতে ভাৰতীয় দণ্ডবিধিৰ ৩৯৫ নং ধাৰাৰ অধীনত ৰুজু কৰা হৈছিল । এই অভিযোগ মতে, ত্ৰিচুৰ ক'ডাকাৰা বাইপাছত এজন লোকৰ পৰা দুৰ্বৃত্তই ২৫ লাখ টকা আৰু এখন গাড়ী চুৰি কৰিছিল । অভিযোগকাৰী শ্বামজিৰ আৰু ধৰ্মৰাজন আছিল কোজিকোড়ৰ বাসিন্দা আৰু তেওঁলোকে এই ধনৰাশি এখন বাহনেৰে পঠিয়াইছিল । পিছত তেওঁলোকক বিতংভাৱে সোধ-পোছ কৰে আৰক্ষীয়ে ।

জেৰাৰ সময়ত চুৰি হোৱা গাড়ীখনত ৩.৫ কোটি টকা আছিল বুলি স্বীকাৰ কৰে অভিযোগকাৰীয়ে । ইয়াৰ পিছতে গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ ৪১২, ২১২ আৰু ১২০ (বি) ধাৰাও সংযুক্ত কৰা হয় । পৰৱৰ্তী সময়ত আৰক্ষী প্ৰধানৰ ৫ মে'ৰ নিৰ্দেশ অনুসৰি, ঘটনাটোৰ তদন্তৰ বাবে ত্ৰিচুৰ ৰেঞ্জ ডি আই জি আৰু এৰ্নাকুলাম অপৰাধ শাখাৰ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, পালাক্কাড়ৰ উপ-আৰক্ষী অধীক্ষকক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে আৰু তদন্ত প্ৰক্ৰিয়া পৰিকল্পিতভাৱেই সুন্দৰকৈ আগবাঢ়ি আছে । ইফালে, এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে এখন পত্ৰযোগে কোচিন শাখা কাৰ্যলয়ৰ পৰা তদন্ত সম্পৰ্কীয় তথ্য যোগান ধৰিবলৈ আহ্বান জনাইছে । কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তদন্তকাৰী বিষয়াই যোৱা ১ জুনত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটক প্ৰয়োজনীয় তথ্য যোগান ধৰিছে ।

লগতে পঢ়ক:পুঞ্জত পাক্ অধিকৃত কাশ্মীৰ (POK)ৰ নাগৰিক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.