নেশ্যনেল ডেস্ক, 8 জুলাই : জম্মু-কাশ্মীৰৰ পুলৱামাৰ পুচল অঞ্চলত বুধবাৰে মাজনিশা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ ৷ উক্ত সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুজন অচিনাক্ত সন্ত্ৰাসবাদী ৷ এই সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলি আছে ।
কাশ্মীৰ জ’নৰ আৰক্ষীয়ে এই সংঘৰ্ষ সম্পৰ্কে টুইট কৰিছে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে পূৰ্বতে জনাইছিল যে, জম্মু-কাশ্মীৰৰ পুলৱামাৰ পুচল অঞ্চলত এক সংঘৰ্ষ সংঘটিত হৈছে ৷ কুলগামৰ জোদাৰ অঞ্চলত কুলগাম আৰক্ষী আৰু 1 আৰ আৰৰ যুটীয়া অভিযানত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (এল ই টি) সৈতে জড়িত দুজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে ।
কুলগাম আৰক্ষী আৰু কুলগামৰ জোদাৰ অঞ্চলত ১ আৰ আৰৰ যুটীয়া অভিযানত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন এল ই টিৰ দুজন সন্ত্ৰাসবাদী নিহত হৈছে ৷
লগতে পঢ়ক: ISRO ৰ চোৰাংচোৱা গোচৰ: মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত