ETV Bharat / bharat

Himachal avalanche : হিমাচলৰ হিমস্খলনত দুজনৰ মৃত্যু এজন সন্ধানহীন

author img

By

Published : Feb 6, 2023, 2:08 PM IST

দেওবাৰে আবেলি প্ৰায় ৩ বজাত লাহৌল-স্পীতি জিলাৰ ৩৫ কিলোমিটাৰ দূৰত থকা শিনকু লা পাছৰ সমীপত হিমস্খলন হয় (Avalanche near Shinku LA Pass)। বিআৰঅ'ৰ দুজনকৈ অস্থায়ী শ্ৰমিকৰ কৰুণ মৃত্যু । সন্ধানহীন আন এজন শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।

Himachal avalanche
হিমাচলৰ হিমস্খলনত দুজনৰ মৃত্যু

নেশ্যনেল ডেস্ক,৬ ফেব্ৰুৱাৰী : হিমাচল প্ৰদেশত ভয়ংকৰ হিমস্খলন (Avalanche in Himachal Pradesh)। হিমস্খলনৰ ফলত সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ দুজন শ্ৰমিকৰ কৰুণ মৃত্যু । এতিয়াও সন্ধানহীন হৈ আছে আন এজন শ্ৰমিক । এই প্ৰাকৃতিক দুৰ্যোগক লৈ সমগ্ৰ ৰাজ্যখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । সন্ধানহীন লোকজনৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

জানিব পৰা মতে লাহৌল-স্পীতি জিলাৰ লাহৌল মহকুমাৰ শিনকু লা পাছৰ সমীপত দেওবাৰে এই হিমস্খলন হয় । য'ত সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ দুজনকৈ অস্থায়ী শ্ৰমিক নিহত হয় (2 BRO worker killed in Himachal avalanche)। আন এজন শ্ৰমিক সন্ধানহীন বুলি জানিব পৰা গৈছে । প্ৰচণ্ড হিমস্খলনত দুয়োজন শ্ৰমিক বৰফত জীৱিত অৱস্থাতে সমাধিস্থ হয় । বৰফ কটা যন্ত্ৰ আৰু ডোজাৰ যন্ত্ৰও তেওঁলোকৰ সৈতে বৰফত পোত গৈছে । ইফালে সোমবাৰে পুৱাৰে পৰা সন্ধানহীন লোকজনৰ সন্ধানত অভিযান আৰম্ভ হৈছে (One BRO labourer missing after avalanche)।

সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ' কৰ্তৃপক্ষই হিমস্খলনৰ তথ্য পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । বিষয়াসকলৰ মতে মৃত শ্ৰমিককেইজন ক্ৰমে ১৯ বছৰীয়া ৰাম বুধা আৰু ৰাকেশ বুলি চিনাক্ত কৰা হৈছে । আনহাতে সন্ধানহীন লোকজনক নেপালৰ বাসিন্দা পাচাং ছেৰিং লামা বুলি চিনাক্ত কৰা হৈছে ।

প্ৰচণ্ড শীত আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে সন্ধানহীন ব্যক্তিজনৰ উদ্ধাৰ অভিযান দেওবাৰে বন্ধ কৰিবলগীয়া হয় । ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই কোৱা মতে সন্ধানহীন লোকজনৰ উদ্ধাৰ অভিযান সোমবাৰে পুনৰ আৰম্ভ কৰা হৈছে । প্ৰশাসনে জনোৱা মতে আবেলি প্ৰায় ৩ মান বজাত লাহৌল আৰু স্পীতি জিলাৰ সমীপত এই ভয়ংকৰ হিমস্খলন হৈছিল (Avalanche in Lahaul Spiti)।

জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে লাহৌল মহকুমাৰ পৰা ৩৫ কিলোমিটাৰ দূৰত শিনকু লা পাছৰ সমীপত হিমস্খলনৰ ঘটনা সংঘটিত হৈছে । হিমস্খলনৰ ফলত সমাধিস্থ হোৱা শ্ৰমিক দুজনৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আৰএইচ কিলংলৈ প্ৰেৰণ কৰা হৈছে (2 death in Shinku LA Pass avalanche)। উল্লেখ্য যে লাহৌল-স্পীতি অঞ্চলত ইয়াৰ পূৰ্বেও হিমস্খলন হৈছিল । যাৰ বাবে অঞ্চলটোৰ সমীপৰ গাঁওবাসী অধিক চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :Illegal Bangladeshi nationals Arrested: আগ্ৰাত 40 জন আবৈধ বাংলাদেশী নাগৰিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.