ETV Bharat / bharat

17 years old youth committed suicide: চুলি সৰাৰ বাবেই বাছি ল’লে আত্মহননৰ পথ

author img

By

Published : Dec 28, 2022, 5:51 PM IST

মূৰৰ চুলি অত্যাধিক সৰাৰ বাবে আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে পংকজে ৷ চুলি সৰাৰ বাবে দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল যুৱকজন ৷ কিন্তু ইয়াৰ বাবে তেওঁ যে আত্মহননৰ পথ বাছি ল’ব সেয়া পৰিয়ালৰো অগোচৰ আছিল(17 years old youth committed suicide) ৷

17 years old youth committed suicide
চুলি সৰাৰ বাবে বাছি ল’লে আত্মহননৰ পথ

নিউজ ডেস্ক, 28 ডিচেম্বৰ: হাৰিয়ানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ ৰাজ্যখনৰ কৰ্ণালৰ পিংগালী গাঁৱত এজন যুৱকে আত্মহত্যা কৰাৰ তথ্য বিয়পি পৰাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি তীব্ৰ চাঞ্চল্যৰ(Youth committed suicide in Haryana) । মূৰৰ চুলি অত্যাধিক পৰিমাণে সৰাৰ বাবে যুৱকজনে আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বুলি জানিব পৰা হৈছে ৷ মৃত যুৱকজন গাঁওখনৰেই বাসিন্দা ১৭ বছৰীয়া পংকজ বুলি চিনাক্ত কৰা হৈছে(17 years old youth committed suicide) ৷

যুৱকজনৰ মৃত্যুৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কল্পনা চাওলা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । পংকজৰ পৰিয়ালৰ পৰা জানিব পৰা মতে, পিংগালী গাঁৱৰ বাসিন্দা পংকজ দুগৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ আছিল । মূৰৰ চুলি সৰা সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছিল পংকজ ৷ অত্যাধিক চুলি সৰা সমস্যাৰ বাবে তেওঁ মানসিক চাপতো ভুগিছিল(Suicide case in Haryana) ৷

পংকজৰ পৰিয়ালৰ লোকো তেওঁৰ মানসিক অৱস্থাক লৈ শংকিত হৈ পৰিছিল ৷ পংকজৰ পৰিয়ালৰ লোকে তেওঁৰ লগত এই বিষয়ে আলোচনা কৰাৰ লগতে কাউন্সেলিঙো কৰাইছিল ৷ কিন্তু তেওঁ যে চুলি সৰা সমস্যাক লৈ এনে চৰম পন্থা গ্ৰহণ কৰিব পাৰে, পৰিয়ালৰ লোকৰ বাবে এয়া সপোনৰো অগোচৰ আছিল ৷ কিন্তু পংকজে এই চৰম পন্থা বাছি লোৱাত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

পংকজৰ ২২ জানুৱাৰীত জন্মদিন আছিল আৰু তেওঁ ১৮ বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন ৷ কিন্তু তেওঁ তেওঁৰ জন্মদিনৰ মাত্ৰ কেইদিনমান পূৰ্বে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷ পংকজৰ এই পদক্ষেপৰ পাচত তেওঁৰ পৰিয়ালৰ লোকৰ মূৰত সৰগ ভাঙি পৰিছে । পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তানে অকালতে ইহলীলা সম্বৰণ কৰাত পৰিয়ালটো অথাই সাগৰত পৰিছে ।

মঙলবাৰে পংকজৰ বহু সময় কোনো শুংসূত্ৰ নথকাত পৰিয়ালৰ লোকে তেওঁ চুবুৰীটোত চলি থকা ডিজে উপভোগ কৰি থকা বুলি সন্দেহ কৰে ৷ কিন্তু তেওঁলোকে একমাত্ৰ পুত্ৰ সন্তানে যে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব ভবাই নাছিল ৷ পৰিয়াল লোকে এই কথা অৱগত হোৱাৰ পাছতেই তেওঁক চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে(Crime news in Haryana) ।

লগতে পঢ়ক: Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.