ETV Bharat / bharat

উত্তৰ প্ৰদেশত আত্মহননৰ পথ বাচি ল'লে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে

author img

By

Published : Jan 14, 2021, 5:03 PM IST

ধৰ্ষণৰ বলি হোৱা উত্তৰ প্ৰদেশৰ এগৰাকী কিশোৰীৰ আত্মহত্যা । ১০ বছৰ পূৰ্বে গাঁৱৰে এজন লোকে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল ।

ধৰ্ষণৰ বলি হোৱা উত্তৰ প্ৰদেশৰ এগৰাকী কিশোৰীৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: উত্তৰ প্ৰদেশত আত্মহননৰ পথ বাচি ল'লে ধৰ্ষণৰ বলি হোৱা এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে । বুধবাৰে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে । বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ১০ বছৰ পূৰ্বে গাঁৱৰে এজন লোকে কিশোৰীগৰাকীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল । শেহতীয়াকৈ ৭ বছৰীয়া কাৰাবাস খাটি সেই নৰপিশাচটো উভতি আহিছে । বুধবাৰে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে ।

খাপ্তিহা কালা আৰক্ষী থানাৰ উপ-আৰক্ষী অধীক্ষক দীনেশ কুমাৰে কয় যে, কিশোৰীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে মৃতদেহ পৰিয়ালক চমজাই দিছে । মৃত কিশোৰীগৰাকীৰ পিতৃ বিশেষভাৱে সক্ষম ব্যক্তি । তেওঁ অভিযোগ উত্থাপন কৰিছে যে, ধৰ্ষণ কাণ্ড সংঘটিত কৰা লোকজনে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন কৰাত বাধাৰ সৃষ্টি কৰি আছিল । অৱশেষত হতাশ হৈ কিশোৰীগৰাকীয়ে জীৱনৰ চৰম পথ বাচি লয় । আনহাতে, কিশোৰীগৰাকীৰ পৰিয়ালটি আৰ্থিকবাৱে দুৰ্বল । এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:চীনৰ য়ুহান চহৰত "বিশ্ব স্বাস্থ্য় সংস্থা"ৰ বিশেষজ্ঞ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.