নেশ্যনেল ডেস্ক,১৩ আগষ্ট : মহাৰাষ্ট্ৰৰ থানেৰ এখন চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ১২ ঘণ্টাত চিকিৎসালয়খনত ১৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে । ইণ্টেচিভ কেয়াৰ ইউনিটৰ ১২ গৰাকী ৰোগী আৰু অন্য ইউনিটৰ ৪ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে ।
কালৱাত থকা ছত্ৰপতি শিৱাজী মহাৰাজ চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে । যাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে চিকিৎসালয়খন । ১২ ঘণ্টাত চিকিৎসালয়ত ১৭ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে । যাৰ বাবে চিকিৎসালয় প্ৰশাসনৰ ভিতৰচ'ৰাৰ বিশৃংখলতা, চিকিৎসকৰ পৰ্যাপ্ত জনশক্তি আৰু ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।
এটা নিশাৰ ভিতৰতে ১৭ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে । তেওঁলোকৰ মতে কিছুমান ৰোগীৰ মৃত্যু হোৱাৰ কাৰণ আছিল তেওঁলোকক শেষ মুহূৰ্তত ব্যক্তিগত চিকিৎসালয়ৰ পৰা অনা হৈছিল আৰু আন কিছুমানৰ বয়স ৮০ বছৰতকৈ অধিক আছিল ।
ইফালে অসামৰিক চিকিৎসালয়খন বন্ধ হোৱাৰ পাছৰে পৰা থানে জিলাৰ সকলো ৰোগী ছত্ৰপতি শিৱাজী মহাৰাজ চিকিৎসালয়খনলৈ আহিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে চিকিৎসক আৰু চিকিৎসা সুবিধাৰ অভাৱ হৈছে বুলি উল্লেখ কৰে হাস্পতালখনৰ কৰ্তৃপক্ষই ।
চিকিৎসালয়খনত যোৱা ১০ আগষ্টতো ৫ গৰাকী লোকৰ মৃত্যু হৈছিল । সেই সময়ত বিধায়ক জীতেন্দ্ৰ আৱাদ আৰু অন্যান্য দলৰ নেতাসকলে চিকিৎসালয় পৰিদৰ্শন কৰিছিল আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু তাৰ পাছত নিশা ১০.৩০ বজাৰ পৰা পুৱা ৮.৩০ বজাৰ ভিতৰত পুনৰ ১৭ গৰাকী লোকৰ মৃত্যুৱে একপ্ৰকাৰ উদ্বেগৰ সৃষ্টি কৰিছে ।
লক্ষণীয়ভাৱে থানে জিলাখন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দুৰ্গ হিচাপে জনাজাত । থানে পৌৰ নিগম মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নিয়ন্ত্ৰণত আছে । যাৰ বাবে বহুতে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত থকা এটা অঞ্চলৰ চিকিৎসালয়ৰে যদি এনে অৱস্থা হয় তেনেহ'লে বাকীবোৰৰ কি হ'ব ? চৰকাৰৰ অৱহেলাৰ ওপৰতো বিৰোধীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে ।
লগতে পঢ়ক : Dehradun mega land scam: ডেৰাডুনত ভয়ংকৰ ভূমি কেলেংকাৰীৰে জড়িত অসমৰ দুজনক গ্ৰেপ্তাৰ