নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: কৰ্ণাটকত মৰ্মান্তিক ঘটনা । ৰে'লৰ ডবাৰ ওপৰত উঠি চেল্ফি ল'বলৈ গৈ বিদ্যুৎপৃষ্ট হ'ল এজন ১৬ বছৰীয়া কিশোৰ । ঘটনাটো মাংগালুৰুৰ জোকোট ৰে'ল ষ্টেচনৰ । ৰৈ থকা ৰে'লৰ ওপৰত গৈ চেল্ফি লোৱাৰ চেষ্টা কৰিছিল জোকোটৰ এইচ পি চি এল কলনীৰ বাসিন্দা মহম্মদ দিশান নামৰ কিশোৰ জনে ।
জানিব পৰা মতে, চেল্ফি ল'বলৈ বুলি ৰে'লৰ ডবাত উঠাৰ পাছতে বিদ্যুতৰ তাঁৰত লাগি কিশোৰজন তলত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত কিশোৰজনৰ দেহৰ প্ৰায় 50 শতাংশ অগ্নিদগ্ধ হয় । স্থানীয় লোকৰ সহযোগত কিশোৰজনক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয় । কিশোৰজন বৰ্তমান সংকটজনক অৱস্থাত আইচিইউত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:আইআইটি ৰুড়কীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শিক্ষাৰ্থীৰ মৃত্যু