নিউজ ডেস্ক, ৭ অক্টোবৰ : শুকুৰবাৰে পাকিস্তানৰ এটি ১৫০ জনীয়া ভক্তৰ দলে উত্তৰাখণ্ডৰ ৰুড়কীৰ (Pakistani devotees reached Roorkee in Uttarakhand) পিৰান কালিয়াৰৰ ৭৫৪ সংখ্যক বাৰ্ষিক উৰুছত উপস্থিত হয় (754th annual Urs of Piran Kaliyar) । ভক্তসকলে লাহোৰী এক্সপ্ৰেছ ৰে'লত আহি ৰুড়কী ৰে'ল ষ্টেচনত উপস্থিত হয় । ৰে'ল ষ্টেচনত অৱতৰণ কৰাৰ পিছত তীৰ্থযাত্ৰীসকলক ফুলৰ মালাৰে উষ্ম আদৰণি জনোৱা হয় । তাৰ পৰা তেওঁলোক কঠোৰ তীব্ৰ নিৰাপত্তা বেষ্টনীৰে বাছৰ জৰিয়তে পিৰান কালিয়াৰলৈ প্ৰেৰণ কৰা হয় ।
জানিব পৰা মতে, ভক্তসকলে উৰুছ উদযাপন সমাপ্ত নোহোৱালৈকে এসপ্তাহৰ বাবে পিৰান কালিয়াৰৰ চাবৰি গেষ্ট হাউছত থাকিব । তেওঁলোকে পুনৰ লাহোৰী এক্সপ্ৰেছেৰে (Lahori Express) পাকিস্তানলৈ ৰাওনা হ'ব । উৰুছ আয়োজক সমিতিৰ আহ্বায়ক তথা এগৰাকী আন্তঃৰাষ্ট্ৰীয় কবি আফজল মংগলৰীয়ে (international poet Afzal Mangalori) কয় যে, ভক্তসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আন্তৰিকতা বৃদ্ধিৰ বাবে তেওঁলোকৰ সৈতে গংগাজল (Gangajal) লাহোৰৰ শিৱ মন্দিৰলৈ লৈ যাব (Shiva temple in Lahore) ।
আফজল মংগলৰীয়ে কয় যে ১০ অক্টোবৰত ড৹ কল্পনা চাইনী আৰু স্বামী যতীশ্বৰানন্দ মহাৰাজৰ দ্বাৰা পিৰান কালিয়াৰত এক কাৰ্যসূচীত গংগাজল পাকিস্তানী দলটোৰ নেতাৰ হাতত অৰ্পণ কৰা হ'ব । ইয়াৰ উপৰি দৰগাহ শ্বৰিফৰ তাব্ৰুক (স্মৰণিকা) ৱাকফ বোৰ্ডৰ সভাপতি শাদাব চামছে ভ্ৰমণকাৰী তীৰ্থযাত্ৰীসকলক প্ৰদান কৰিব ।
আফজল মংগলৰীৰ মতে, ৰুড়কীত উপস্থিত হ'বৰ বাবে ইছলামাবাদৰ ভাৰতীয় দূতাবাসে (Indian Embassy in Islamabad) তীৰ্থযাত্ৰীসকলক ভিছা প্ৰদান কৰিছে । আফজল মংগলৰীয়ে লগতে কয় যে, ডেৰশতকৈও অধিক তীৰ্থযাত্ৰীক লৈ গঠিত দলটো পাঁচ বছৰৰ পিছত শুভেচ্ছামূলক আৰু বিশ্ব শান্তিৰ বাৰ্তা লৈ ভাৰতলৈ আহিছে । উল্লেখ্য, ইয়াৰ পূৰ্বে অন্তিমবাৰৰ বাবে 2017 চনত পাকিস্তানৰ 153 জন তীৰ্থযাত্ৰীয়ে উক্ত উৰুছত অংশগ্ৰহণ কৰিছিল ।
উল্লেখ্য, 2017 চনত পাকিস্তানৰ পৰা 153 জন ভ্ৰমণকাৰীয়ে উৰুছত অংশগ্ৰহণ কৰিছিল । আফজল মংগলৰীয়ে কয় যে, পাকিস্তানৰ আটাইতকৈ ডাঙৰ দৰগাহ (biggest dargah of Pakistan) বাবা ফৰিদ পাকপট্টনৰ দিৱান চাহেব আহমেদ মাছুদ ফৰিদী, যাৰ বেছিভাগ বাণী শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবত (Guru Granth Sahib) লিখা হৈছে, তেৱোঁ প্ৰথমবাৰৰ বাবে উক্ত দলটোৰ সৈতে আহি উপস্থিত হৈছে ।
ইয়াৰ লগতে লাহোৰৰ দৰগাহ দাতা দৰবাৰৰ চাহিবজাদা মহম্মদ চফীও উক্ত দলটোত আছে । উৰুছৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা হাতত লোৱা হৈছে ।
উল্লেখ্য, ৰুড়কীৰ পিৰান কালিয়াৰত প্ৰতি বছৰে উৰুছৰ আয়োজন কৰা হয় । উৰুছৰ পৰম্পৰা সাতশ বছৰতকৈও অধিক পুৰণি । এই উপলক্ষে সমগ্ৰ দেশ আৰু বিদেশৰ পৰা লাখ লাখ তীৰ্থযাত্ৰী তালৈ যায় ।
পৰম্পৰাগত চুফিয়ানা কালাম আৰু কাৱালীসকল তাত উৰুছৰ সময়ত এক বিশেষ আকৰ্ষণ । উত্তৰাখণ্ড পৰ্যটনৰ (Uttarakhand Tourism) দ্বাৰা বাৰ্ষিক উৰুছ মেলা আয়োজনৰ বাবে পুঁজিও প্ৰদান কৰা হয় ।
লগতে পঢ়ক :সন্ত্ৰাসজৰ্জৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে বিবেচনা কৰিবলৈ পৰামৰ্শ আমেৰিকাৰ