ETV Bharat / bharat

ডেৰ মাহত ত্ৰিপুৰাত 150 জন ড্ৰাগছ সৰবৰাহকাৰী আটক - পশ্চিম ত্ৰিপুৰা আৰক্ষী থানা

শনিবাৰে পশ্চিম ত্ৰিপুৰা আৰক্ষীৰ এটা দলে চহৰৰ উপকণ্ঠত অৱস্থিত জয়পুৰ অঞ্চলৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ৮০,০০০ টকা নগদ ধন, ১২০ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰৰ ৯ টা পাউচ, ৭০০ টা সৰু পাত্ৰ আৰু ৫০০ য়াবা টেবলেট জব্দ কৰে ।

150 drug criminals arrested in last one and half months: Police
বিগত ডেৰ মাহত ত্ৰিপুৰাত 150 জন ড্ৰাগছ সৰবৰাহকাৰী আটক
author img

By

Published : May 16, 2021, 1:22 PM IST

আগৰতলা, 16 মে’: ত্ৰিপুৰা আৰক্ষীয়ে বিগত ডেৰ মাহত আগৰতলা চহৰ আৰু ইয়াৰ আশে-পাশে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত প্ৰায় ১৫০ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আগৰতলা সদৰৰ মহকুমাধিপতি ড৹ ৰমেশ যাদৱে শনিবাৰে এই কথা সদৰী কৰে ৷ ত্ৰিপুৰাৰ পৰা ড্ৰাগছ মাফিয়াক নিশ্চিহ্ন কৰাৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে চলাই থকা বিশেষ অভিযানৰ মাজতে আটক কৰা হয় এই লোক কেইজনক ৷

150 drug criminals arrested in last one and half months: Police
বিগত ডেৰ মাহত ত্ৰিপুৰাত 150 জন ড্ৰাগছ সৰবৰাহকাৰী আটক

ড৹ ৰমেশ যাদৱে কয় যে, এতিয়ালৈকে বহুতো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে ৷ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইটাই শ্বিলং আৰু মণিপুৰৰ দৰে অঞ্চলৰ পৰা পোনপটীয়াকৈ ড্ৰাগছ ক্ৰয় কৰি আগৰতলাত নিজৰ ব্যৱসায় চলাই আহিছিল ৷

মহকুমাধিপতি গৰাকীয়ে লগতে কয় যে, "যিহেতু ইতিমধ্যে সৰ্বাধিক সংখ্যক সৰবৰাহকাৰীক আটক কৰা হৈছে ৷ যাৰ ফলত ত্ৰিপুৰাত ড্ৰাগছৰ মূল্য বৃদ্ধি পাইছে । যোগান প্ৰণালীটো অস্থিৰ কৰি তোলা হৈছিল যদিও বাচি যোৱা একাংশ সৰবৰাহকাৰীয়ে গোপন ঠিকনাসমূহৰ পৰা চক্ৰটো চলাই আছে ৷"

উল্লেখ্য যে, শনিবাৰে পশ্চিম ত্ৰিপুৰা থানাৰ আৰক্ষীৰ এটা দলে চহৰৰ উপকণ্ঠত অৱস্থিত জয়পুৰ অঞ্চলৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ৮০,০০০ টকা নগদ ধন, ১২০ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰৰ ৯ টা পাউচ, ৭০০ টা সৰু পাত্ৰ আৰু ৫০০ য়াবা টেবলেট জব্দ কৰে ।

লগতে পঢ়ক: দক্ষিণ ত্ৰিপুৰাত নৃশংস হত্যাকাণ্ড, গ্ৰেপ্তাৰ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.