নিউজ ডেস্ক, ২ জুন : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) ৰাজ্যখন ভ্ৰমণৰ সময়ত শেহতীয়াকৈ কৰা আবেদনৰ পিছত শুকুৰবাৰে ৰাজ্যিক আৰক্ষীয়ে কয় যে মণিপুৰৰ বিভিন্ন স্থানত মুঠ ১৪০ টা অস্ত্ৰ সমৰ্পণ কৰা হৈছে (140 weapons handed over to Manipur police) । সমৰ্পণ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে এছএলআৰ ২৯, কাৰ্বাইন, এ কে, ইনচাছ ৰাইফল, ইনচাছ এলএমজি, .৩০৩ ৰাইফল, ৯ এম এম পিষ্টল, .৩২ পিষ্টল, এম ১৬ ৰাইফল, স্মোক গান আৰু কন্দুৱা গেছ, স্থানীয়ভাৱে নিৰ্মিত পিষ্টল, ষ্টেন গান, এটা গ্ৰেনেড লঞ্চাৰ ইত্যাদি ।
-
#WATCH | After Union Home Minister Amit Shah's appeal, 140 weapons have been surrendered at different places in Manipur: Manipur Police pic.twitter.com/LXvPVnA7tl
— ANI (@ANI) June 2, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | After Union Home Minister Amit Shah's appeal, 140 weapons have been surrendered at different places in Manipur: Manipur Police pic.twitter.com/LXvPVnA7tl
— ANI (@ANI) June 2, 2023#WATCH | After Union Home Minister Amit Shah's appeal, 140 weapons have been surrendered at different places in Manipur: Manipur Police pic.twitter.com/LXvPVnA7tl
— ANI (@ANI) June 2, 2023
আনহাতে, আৰক্ষীয়ে লগতে কয় যে বেছিভাগ জিলাতে পৰিস্থিতি স্বাভাৱিক হৈ আছে আৰু ইম্ফল পশ্চিম, ইম্ফল পূব আৰু বিষ্ণুপুৰত ১২ ঘণ্টাৰ বাবে (পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত) কাৰ্ফিউ শিথিল কৰা হৈছে । জিৰিবামত আঠ ঘণ্টা, থৌবাল আৰু কাকিংত সাত ঘণ্টা, চুৰাচান্দপুৰ আৰু চান্দেলত ১০ ঘণ্টা, টেংনুপালত আঠ ঘণ্টা, কাংপোকপিত ১১ ঘণ্টা আৰু ফাৰ্জোলত কাৰ্ফিউ ১২ ঘণ্টা শিথিল কৰা হৈছে । আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে তামেংলং, ননি, সেনাপতি, উখৰুল আৰু কামজঙত বৰ্তমান কোনো কাৰ্ফিউ নাই (curfew relaxed in parts of Manipur) ।
গৃহমন্ত্ৰীয়ে তেওঁৰ চাৰিদিনীয়া মণিপুৰ ভ্ৰমণৰ অন্তিমদিনা ইম্ফলত এক সংবাদমেল সম্বোধন কৰাৰ পিছতে এই ইতিবাচক ফলাফল লাভ কৰা হয় (Amit Shah Manipur visit) । গৃহমন্ত্ৰীয়ে হিংসাপীড়িত মণিপুৰৰ সকলো শ্ৰেণীৰ জনতাক শান্তি-শৃংখলা বজাই ৰাখিবলৈ, আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধিৰ লগতে অভিযুক্তসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় । গৃহমন্ত্ৰী শ্বাহে লগতে সতৰ্ক কৰি দিয়ে যে আৰক্ষীৰ তালাচী অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ লুট কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব (140 weapons handed over to police in Manipur) ।
তেওঁ মণিপুৰৰ জনসাধাৰণক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আৰু শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনায় । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ হৈ গৃহমন্ত্ৰীয়ে মণিপুৰৰ হিংসাত নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । উল্লেখ্য যে মণিপুৰত দুটা গোটৰ মাজত এই হিংসাত্মক ঘটনা ২৯ এপ্ৰিলত আদালতৰ এক ৰায়ৰ পিছতে আৰম্ভ হয় ।
আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে কেন্দ্ৰীয় প্ৰতিষ্ঠান খোলা, আন্তঃগাঁথনি শক্তিশালী কৰা, ঔদ্যোগিক বিনিয়োগ অনা, মণিপুৰৰ শিক্ষা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া কেন্দ্ৰটোক সূচাৰুৰূপে চলোৱাকে ধৰি অঞ্চলটোত কেইবাটাও পদক্ষেপ লোৱা হৈছে । তেওঁ লগতে কয় যে মণিপুৰ হিংসাৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব আৰু প্ৰতিনিধিসকলক লৈ মণিপুৰৰ ৰাজ্যপালৰ নেতৃত্বত এখন শান্তি সমিতিও গঠন কৰা হ'ব । তাত সকলো সম্প্ৰদায়ৰে প্ৰতিনিধি অন্তৰ্ভুক্ত থাকিব ।
লগতে পঢ়ক :Amit Shah in Manipur : কেন্দ্ৰীয় মন্ত্ৰীক ধন্যবাদ ৰাজ্যপাল অনুচুয়া উইকীৰ