ওড়িশা, 26 জুন : ওড়িশাত উদ্ধাৰ হ’ল প্ৰাচীন মূৰ্তি । বিৰিবাটি অঞ্চলৰ নাহাভাংগা গাঁৱৰ (Nahabhanga village in Biribati area) এঘৰৰ পৰা 14 টাকৈ প্ৰাচীন মূৰ্তি উদ্ধাৰ কৰা হৈছে (14 ancient idols unearthed from house in Odisha village) ৷ নাহাভাংগা গাঁৱৰ বাসিন্দা দিনাবন্ধু বেহেৰা ঘৰত মাটি খনন কৰি থকা অৱস্থাতে এই মূৰ্তিকেইটা উদ্ধাৰ কৰা হয় ।
জানিব পৰা মতে, দিনাবন্ধু বেহেৰাই আগদিনা ৰাতি এই মূৰ্তিবোৰৰ ঘৰৰ তলত সমাধিস্থ কৰা আছে বুলি সপোনত দেখিছিল ৷ এই সপোনটো সঁচা নে মিছা সেই কথা জানিবলৈ ঘৰৰ এটা কোঠাৰ কিছু অংশ খনন কৰা হৈছিল আৰু তেতিয়াই এই মূৰ্তিসমূহ উদ্ধাৰ কৰা গৈছিল ৷ এই উদ্ধাৰ কৰা মূৰ্তিসমূহ গৰুড়, ত্ৰিমূৰ্তি, ভগৱান গণেশ, নন্দী, দেৱী দুৰ্গা, দেৱী সৰস্বতী, ৰাম দৰবাৰ (ভগৱান ৰামৰ সৈতে সহোদৰ লক্ষ্মণ আৰু পত্নী সীতা আৰু ভগৱান হনুমান তেওঁৰ ভৰিৰ তলত বহি থকা), পঞ্চমুখী হনুমান, এজন শিৱগ্ৰাম বুলি জানিব পৰা গৈছে ৷
উদ্ধাৰ কৰা এই মূৰ্তিসমূহ পিতলৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত এএছআইৰ এটা দল উপস্থিত হৈ মূৰ্তিবোৰ পৰীক্ষা কৰে (ASI reached the site and started examining the idols) ৷ আনহাতে, হঠাতে মূৰ্তি উদ্ধাৰ হোৱাৰ পিছতে সেই স্থানত স্থানীয় লোকসকল একত্ৰিত হয় ।