নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ : ক'ভিড-19 মহামাৰীৰ ফলত দেশৰ বিভিন্ন স্থানত বহু বিদেশী লোক আৱদ্ধ হৈ পৰিছিল ৷ আট্টাৰী ৱাঘা সীমান্তৰে আজি পাকিস্তানলৈ প্ৰেৰণ কৰা হয় এনে বহু পাকিস্তানী নাগৰিকক ৷ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, 125 জন আৱদ্ধ পাকিস্তানী নাগৰিকক আজি দেশখনলৈ প্ৰেৰণ কৰা হয় ৷
ভাৰত-পাকিস্তান দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ পাকিস্তানলৈ ৰাওনা হৈছে UNO মুৰব্বী মেজৰ জোছেফ ৷ মেজৰ জোছেফৰ সৈতে পাকিস্তানলৈ এটা 6 জনীয়া সদস্যৰ দল গৈছে বুলি জানিব পৰা হৈছে ৷
লগতে পঢ়ক : ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি