ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত 1200 বছৰ পুৰণি দুৰ্গা মূৰ্তি উদ্ধাৰ - ঝিলাম নদী

জম্মু আৰু কাশ্মীৰত দেৱী দুৰ্গাৰ প্ৰাচীন মূৰ্তি উদ্ধাৰ ৷ জম্মু আৰু কাশ্মীৰৰ ঝিলাম নদী( Jhelum river)ৰ পৰা শ্ৰমিকৰ এটা দলে উদ্ধাৰ কৰিছে প্ৰায় 1200 বছৰ পুৰণি এই মূৰ্তি ৷ উদ্ধাৰ হোৱা মূৰ্তিটো 7-8 খ্ৰীষ্টাব্দৰ বুলি নিশ্চিত কৰিছে প্ৰত্নতাত্ত্বিকে ৷

1200-year-old ancient sculpture of Goddess Durga discovered in J&K
জম্মু আৰু কাশ্মীৰত 1200 বছৰ পুৰণি দুৰ্গা মূৰ্তি উদ্ধাৰ
author img

By

Published : Sep 1, 2021, 6:25 PM IST

নেশ্যনেল ডেস্ক , 1 ছেপ্তেম্বৰ : জম্মু আৰু কাশ্মীৰত উদ্ধাৰ হৈছে দেৱী দুৰ্গা(Goddess Durga)ৰ এটা অতি প্ৰাচীন মূৰ্তি ৷ 13 আগষ্টত বুদগাম(Budgam) জিলাৰ পৰা জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে দেৱী দুৰ্গাৰ এই প্ৰাচীন মূৰ্তিটো উদ্ধাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰীনগৰৰ Pandrethanত ঝিলাম নদী( Jhelum river)ৰ পৰা বালি তুলি থকাৰ সময়ত শ্ৰমিকৰ এটা দলে এই ভাস্কৰ্যটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা দুৰ্গাৰ মূৰ্তিটো প্ৰায় 1200 বছৰ পুৰণি বুলি অনুমান কৰা হৈছে ৷

1200-year-old ancient sculpture of Goddess Durga discovered in J&K
এটা কলা শিলত মূৰ্তিটো খোদিত হৈ আছে

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে খানচাহিব(Khansahib) অঞ্চলৰ পৰা মূৰ্তিটো উদ্ধাৰ কৰে আৰু Department of Archives, Archaeology & Museumsৰ বিষয়াসকলক উদ্ধাৰ হোৱা ভাস্কৰ্যটো পৰীক্ষা কৰাৰ বাবে আহ্বান জনায় ৷ ইয়াৰ পাচতে মঙলবাৰে প্ৰত্নতাত্ত্বিকসকলে উদ্ধাৰ হোৱা মূৰ্তিটো দেৱী দুৰ্গাৰ আৰু ই প্ৰায় 7-8 খ্ৰীষ্টাব্দ(7th-8th AD)ৰ বুলি নিশ্চিত কৰে ৷

12”x08” জোখৰ ভাস্কৰ্যটো এটা কলা শিলত খোদিত(carved in a black stone) কৰা হৈছে আৰু দেৱী দুৰ্গাক আন চাৰিজন পৰিচাৰকৰ সৈতে সিংহাসন(lion throne)ত বহি থকা দেখা গৈছে ৷

বুদগামৰ এএছপি, খানাচাহিবৰ এছডিপিঅ' আৰু অন্যান্য আৰক্ষী আৰু অসামৰিক বিষয়াৰ উপস্থিতিত বুদগামৰ এছএছপি চেলিম খানে Archives, Archaeology & Museums বিভাগৰ উপ-সঞ্চালক মুস্তাক আহমেদ বেইগ(Mushtaq Ahmad Beigh)ক মূৰ্তিটো আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে ৷

লগতে পঢ়ক : উগ্ৰপন্থীৰ আক্ৰমণ বৃদ্ধিয়ে শংকিত কৰিছে কাশ্মীৰৰ বিজেপি নেতা-কৰ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.